কবি নৱকান্ত বৰুৱাৰ উৰণীয়া তৰা কবিতা- Assamese poem Uronia Tora by famous poet Nabakanta Baruah

1

কবি নৱকান্ত বৰুৱাৰ উৰণীয়া তৰা কবিতা- Assamese poem Uronia Tora by  famous poet Nabakanta Baruah



উৰণীয়া তৰা


কবি- নৱকান্ত বৰুৱা



চোৱাচোন বাৰু আই


ৰুমী ভনীটিয়ে              উৰণীয়া তৰা


কতাে হেনাে দেখা নাই।


সদায় সন্ধিয়া                শই শ‍ই আহি


পথাৰ উপচি যায় ;


কি যে বেঙী তাই      কবকে নােৱাৰোঁ


তথাপিতাে দেখা নাই,


ৰুমী বৰ বেঙী ভাই।


পপীয়া তৰাৰ           কথা কোৱা নাই


সেইবােৰ হেনাে শিল ;


দ্বীপেন চাৰক          তেনেকৈ নক'লে


দিয়ে জানা থিয় কিল!


এইবােৰ আন কিবা


মই দিছোঁ নাম              উৰণীয়া তৰা


আৰু কিনাে নাম থ’বা ?


নহয় নহয় আই!


দেউতাই কোৱা             ফ্লাইং ছছাৰ


তাৰাে কথা কোৱা নাই !


সেইবােৰ মই          শুনিছোঁহে মাথোঁ


নেজানো ক’তনো পায়।


কি ক’লা কি ক’লা আই ?


সকলাে তৰাই           থিৰ হৈ থাকে ?


উৰণীয়া তৰা নাই ?


জোন বেলি তৰা       ক'ৰ পৰা আহে


কোৱাচোন ভাবি গমি


নাহিলে কিদৰে              সদায় গধূলি


দেখা পাওঁ বাৰু আমি?


একোকে নেজানা তুমি


আই ! তুমিও এজনী ৰুমী।


ক'ৰ পৰা আহে              মই কওঁ শুনা


ক'ৰবাৰ পৰা আহে


গধূলি হলেই                     তৰাৰ লগত


মিচিকি মিচিকি হাঁহে।


সিহঁতে যে কাক      মাতি থাকে জানাে


চকুৰােৰ টিপিয়াই।


সিহঁতৰ স'তে                      উমলিবলৈ


মােৰ বৰ মন যায় ।


বকুল তলৰ                    এন্ধাৰত আই


উৰি ফুৰে জাকে জাকে


বতাহ আহিলে                  উৰণীয়া তৰা


দূবৰিত শুই থাকে।


ব’লাচো ওলাই আই


চোতালত গৈ                   উৰণীয়া তৰা


দিম মই দেখুৱাই।


সেইদিনা মাকে                 মলয়ৰ স'তে


চালে উৰণীয়া তৰা


হেজাৰ বিজাৰ            জোনাকী পৰুৱা


পােহৰে বননি ভৰা।







Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. কবি নৱকান্ত বৰুৱাৰ কবিতা পঢ়ি বহুত ভাল লাগে

    ReplyDelete
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top