বিষাদ কবিতা ৰঘুনাথ চৌধাৰী দেৱৰ- Assamese famous Poem Bikhad by Raghunath Choudhary

0

বিষাদ কবিতা ৰঘুনাথ চৌধাৰী দেৱৰ- অসমীয়া কবিতা-Assamese famous Poem Bikhad by Raghunath Choudhary-

বিষাদ কবিতা ৰঘুনাথ চৌধাৰী দেৱৰ- Assamese famous Poem Bikhad by Raghunath Choudhary
বিষাদ কবিতা




বিষাদ


কবি- ৰঘুনাথ চৌধাৰী


পুষ্প-কাননত আছিল এজুপি


ধুনীয়া শেৱালি ফুল,


ধীৰ বতাহত হইছিল ধৰা


গােন্ধতে আমােলমােল।


আকাশী নর্তকী খঞ্জনী অপ্সৰা


বিচিত্র কাচোনে কাচি,


বিহৰ-বিধুৰা প্ৰকৃতিবালাক


দিছিল অমিয়া যাচি।


নিষ্ঠুৰ নিদাঘ আহিল যিদিনা


সকলাে পৰিল জয়,


সৰি গ'ল ফুল উৰি গ'ল পখী


জগত বিষাদময়।


আকৌ এদিন আহিব শৰৎ


হাঁহিব শেৱালি পাহি,


ঠেও ধৰি ধৰি কৰিব নর্তন


খঞ্জনী পখীটি আহি।


হ’ব কুসুমিত কুসুমাভৰণা


কুসুম কাননখনি,


ধীৰ সমীৰণে কুসুমে কুসুমে


দিব পৰিমল সানি,


কিন্তু মােৰ সেই মানস কুসুম


গইছে যিদিনা সৰি,


সৌন্দর্য-পৰাগশূন্য হিয়াখনি


নুঠে আৰু ঠন ধৰি।










Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top