জানিবলগীয়া বহু কথা||বিজ্ঞানৰ নজনা কথা||কিয় হয়-তাৰ ৰহস্য||did you know facts||Science facts in Assamese
![]() |
| বিজ্ঞানৰ জানিবলগীয়া কথা |
১। গাখীৰ গৰম কৰিলে ওফন্দি উঠে কিয় ?
২। সােণ ইমান মূল্যৱান কিয়?
৩। তিতা কেৰেলা তিতা কিয় ?
৪। মানুহ টকলা হয় কিয় ?
৫। মানুহৰ গাৰ ৰং বেলেগ বেলেগ হয় কিয় ?
৬। গাখীৰৰ ৰং বগা কিয় ?
৭। বৰশীত লগা মাছে দুখ নাপায় কিয়?
৮। ভূমধ্য সাগৰৰ পানী নীলা দেখি কিয়?
৯। ফুলৰ ৰং বেলেগ বেলেগ হয় কিয় ?
১০। মেকুৰীয়ে মিঠা সােৱাদ নাপায় কিয় ?
১১। মানুহ বাওনা হয় কিয়?
প্রশ্ন: গাখীৰ গৰম কৰিলে ওফন্দি উঠে কিয় ?
উঃ– গাখীৰত কলােয়েড নামৰ এবিধ আঠা জাতীয় ৰাসায়নিক পদার্থ লগতে প্ৰটিন, চর্বি আৰু চেনি থাকে। গাখীৰ গৰম কৰিলে প্ৰটিন আৰু চর্বিখিনি গাখীৰৰ জুলীয়া অংশৰপৰা পৃথক হয়। ইহঁত গাখীৰতকৈ পাতল বাবে এইবােৰ চামনিৰ আকাৰত গাখীৰৰ ওপৰত ভাহি উঠে। গৰম কৰিলে গাখীৰত থকা কিছু পানী জলীয় বাষ্পলৈ পৰিণত হয়।
গাখীৰ যিমানেই গৰম কৰা যায় সিমানেই জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি যায়। জলীয় বাষ্পই ওপৰৰ চামনি ঠেলি যেতিয়া ওলাই আহিব বিচাৰে তেতিয়াই গৰম গাখীৰ ওফন্দি উঠে।
প্রশ্ন: সােণ ইমান মূল্যৱান কিয়?
উঃ- কিছুমান কাৰকৰ দ্বাৰা বস্তুৰ মূল্য নির্ধাৰণ কৰা হয়। যেনেঃ দুষ্প্রাপ্যতা, উপযােগিতা, সৌন্দর্য ইত্যাদি। সােণৰ এই আটাইবােৰ গুণেই আছে। পৃথিৱীত ইয়াৰ আকৰ তেনেই সীমিত। পৃথিৱীত সােণ হ’ল আটাইতকৈ চৰ্চকীয়া উজ্জ্বল হালধীয়া ৰঙৰ ধাতু, যিয়ে মানুহক আকর্ষিত কৰে। আনহাতে ইয়াৰ উপযােগিতাও অপৰিসীম। সােণ নৰম ধাতু হােৱা হেতুকে তাক অতি সহজে বিভিন্ন ৰূপত গঢ় দিব পাৰি। কিছুমান ঔষধতে সােণৰ প্রয়ােজন হয়। পৃথিৱীৰ মুঠ সােণৰ মাত্র শতকৰা দহভাগহে অলংকাৰ আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। বাকী নব্রৈ ভাগেই অন্যান্য কাম আৰু আন্তর্জাতিক বাণিজ্যৰ বাবে জমা ৰখা হয়। সােণক মাথাে অম্লজ বা একোৱাৰেজিয়া (AQUAREGIA) তহে গলাব পাৰি। ওপৰােক্ত কাৰণবােৰৰ বাবেই সােণ ইমান মূল্যৱান।
প্রশ্ন: তিতা কেৰেলা তিতা কিয় ?
উঃ তিতা কেৰেলাত টেনিন নামৰ এবিধ পদার্থ থাকে। এই টেনিনৰ বাবেই তিতা কেৰেলাৰ সােৱাদ তিতা।
প্রশ্ন: মানুহ টকলা হয় কিয় ?
উঃ- শৰীৰত এনড্রোজেন নামৰ হ’ৰমােন বিধৰ ক্ষৰণ কমি গ'লে মানুহ টকলা হ'ব পাৰে।
প্রশ্ন: মানুহৰ গাৰ ৰং বেলেগ বেলেগ হয় কিয় ?
উঃ— মানুহৰ শৰীৰৰ ৰং তিনি প্রকাৰৰ ৰঞ্জক পদার্থ (PIGMENTS)ৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমটো পদার্থ হ’ল MELANIN। ইয়াৰ ৰং বাদামী। ই গাঢ় হলে ক’লা দেখি। দ্বিতীয় পদার্থবিধ হ’ল CAROTIN। ইয়াৰ ৰং হালধীয়া। তৃতীয় পদার্থবিধ হ’ল হিমােগ্লোবিন HAEMOGLOBIN। ইয়ে তেজৰ ৰং ৰঙা কৰে। যিজন মানুহৰ শৰীৰত মেলানিনৰ পৰিমাণ বেছি তেওঁৰ গাৰ ৰং হ’ব ক'লা, যাৰ শৰীৰত কেৰােটিনৰ পৰিমাণ বেছি তেওঁৰ গাৰ ৰং হ’ব হালধীয়া আৰু যাৰ শৰীৰত হিমােগ্লোবিনৰ পৰিমাণ বেছি তেওঁৰ গাৰ ৰং হ’ব বগা। এনেবােৰ কাৰণতে মানুহৰ গাৰ ৰং বেলেগ বেলেগ হয়।
YouTube▶️ channel click here
প্রশ্ন: গাখীৰৰ ৰং বগা কিয় ?
উঃ- সূৰ্যৰ সাতােটা ৰঙৰ সংমিশ্রণ ঘটাৰ ফলতহে বগা ৰঙৰ উৎপত্তি হয়। কোনাে বস্তুৰ ওপৰত পােহৰ পৰিলে পােহৰৰ প্ৰতিফলিত আলােক ৰশ্মি আমাৰ চকুলৈ আহে তেতিয়া আমি বস্তুটো দেখা পাওঁ। গাখীৰৰ আণৱিক গঠন এনে যে সেইবােৰ সাতােটা ৰঙেই প্রতিফলিত কৰি আমাৰ চকুলৈ ঘূৰাই পঠিয়ায়। সাতােটা ৰং একেলগে সংমিশ্রিত হৈ ঘূৰি অহা বাবে গাখীৰৰ ৰং বগা হয়।
প্রশ্ন: বৰশীত লগা মাছে দুখ নাপায় কিয় ?
উঃ- মাছৰ মুখৰ ভিতৰত কেইটামানহে স্নায়ু থাকে। সেয়ে বৰশীত লাগিলেও মাছে দুখ নাপায়।
প্রশ্ন: ভূমধ্য সাগৰৰ পানী নীলা দেখি কিয়?
উঃ- ভূমধ্য সাগৰ দক্ষিণ ইউৰােপ, আফ্রিকা আৰু দক্ষিণ-পশ্চিম এচিয়াৰ মাজেৰে বৈ গৈ কৃষ্ণ সাগৰক সংযােগ কৰি আটলান্টিক মহাসাগৰত লগ লাগিছে। ভূমধ্য সাগৰৰ পানীত থকা জৈৱ তথা অজৈৱ পদার্থই পােহৰৰ নীলা ৰংটোক বেছিকৈ প্রতিফলিত কৰে। সেয়ে ভূমধ্য সাগৰৰ পানী নীলা দেখি।
প্রশ্ন: ফুলৰ ৰং বেলেগ বেলেগ হয় কিয়?
উঃ- বিভিন্ন ফুলত থকা বেলেগ বেলেগ ৰঞ্জক পদাৰ্থৰ বাবেই ফুলৰ ৰং বেলেগ বেলেগ হয়।
প্রশ্ন: মেকুৰীয়ে মিঠা সােৱাদ নাপায় কিয় ?
উঃ- মেকুৰীৰ জিভাত মিঠা সােৱাদ লাভৰ গ্ৰন্থি নথকা বাবে মেকুৰীয়ে মিঠা সােৱাদ নাপায়।
প্রশ্ন: মানুহ বাওনা হয় কিয়?
উঃ- সাধাৰণতে বংশানুক্রমিক ধাৰাৰ বাবে মানুহৰ উচ্চতা কম বা বেছি হ’ব পাৰে যদিও মানুহ বাওনা হােৱাৰ আঁৰত এবিধ হৰমােনৰ প্রভাৱ আছে। শৰীৰত থকা পিটুইটাৰী গ্রন্থিৰপৰা হৰমােনৰ ক্ষৰণ বন্ধ হৈ গলে মানুহ বাওনা হয়।
