অসমীয়া ৰচনা বিশ্বকবি ৰবীন্দ্রনাথ আৰু তেওঁৰ কর্মজীৱন || Rabindranath Tagore || Assamese Medium

0

Assamese Essay On Rabindranath Tagore || ৰবীন্দ্রনাথ ||Assamese Medium

 

Assamese Essay On Rabindranath Tagore || ৰবীন্দ্রনাথ || Assamese Medium
Rabindranath Tagore


Rabindranath Tagore Essay In  Assamese || Assamese Medium

 

অসমীয়া ৰচনা  বিশ্বকবি ৰবীন্দ্রনাথ আৰু তেওঁৰ কর্মজীৱন


 

বিশ্বকবি ৰবীন্দ্রনাথ

 

আৰম্ভণি:

কবিতাৰ ঝংকাৰেৰে এদিন বিশ্ববীণাৰ তাঁৰত মুখৰিত হৈ উঠিছিল, ছন্দময় জীৱনৰ মধুময় গান সুৰৰ লহৰে লহৰে উচ্ছলিত হৈ উঠিছিল প্রাণৰ উচ্ছ্বাস; উচ্ছল অনুভূতিৰ পাৰ ভাঙি ভাঙি বৈ আহিছিল লাস্যময়ী ভাৱ-মন্দাকিনী সুন্দৰৰ পূজাৰ সেই মধু লগনত এজন শান্ত, সৌম্য, গুৰু-গম্ভীৰ বাণী পূজাৰীয়ে ষোড়শােপচাৰে অর্ঘ্য নিবেদন কৰিছিল বাণী মন্দিৰত অন্তৰৰ আৱেগ ঢালি ভাৰতীয় প্রজ্ঞা আৰু মনীষাৰ পৰাকাষ্ঠাৰ প্রতিভূ সেইজন আছিল ৰবীন্দ্রনাথ ঠাকুৰ যিজনে স্বীয় প্রতিভাৰে সমগ্ৰ বিশ্বৰ সর্বশ্রেষ্ঠ মনীষীসকলৰ মাজত নিজকেস্বে মহিম্নি ৰূপে প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল বহুমুখী প্রতিভাৰ অধিকাৰী এই ঋষিতুল্য পুৰুষজনৰ মৃত্যুঞ্জয়ী গৌৰৱ গাথা আজি বিশ্ব বিনন্দিত

 

 

বংশ পৰিচয়, জন্মঃ  

কলিকতাৰ জোৰাসাঁকোৰ ঠাকুৰ পৰিয়াল এটা মহিমামণ্ডিত নাম ঊনবিংশ শতিকাৰ সাহিত্য আৰু সংস্কৃতিৰ পীঠস্থান জোৰাসাঁকো কাব্য-কবিতা, শিল্প-সংস্কৃতিৰ চৰ্চাৰপৰা আৰম্ভ কৰি জাতীয় জাগৃতিৰ উদ্বোধনলৈকে ঠাকুৰ পৰিয়ালৰ অৱদানৰ ইতিহাস ভাৰতীয় সামাজিক জগতৰ বুৰঞ্জীত চিৰদিন গৌৰৱােজ্জ্বল হৈ ' বিশেষকৈ মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ ঔপনিষদিক সাধনা, প্রাচ্য-পাশ্চাত্য সংস্কৃতিৰ অভূতপূর্ব সমন্বয় আৰু স্বদেশপ্ৰেমৰ নৱোন্মেষে ঠাকুৰ পৰিয়ালত সৃষ্টি কৰিছিল মহামিলনৰ এক মহান তীর্থ সেই মহান তীর্থভূমিত মহর্ষি দেবেন্দ্রনাথ ঠাকুৰে ১৮৬১ চনৰ মে তাৰিখে লাভ কৰিছিল এটি দেৱ শিশু যাৰ হাঁহিত উদ্ভাসিত হৈ উঠিছিল অনির্বচনীয় গৰিমাৰ জ্যোতি সেই শিশুটিয়েই আছিল ৰবীন্দ্রনাথ

 

 

শৈশৱ আৰু শিক্ষাঃ

শৈশৱতে মাতৃহাৰা হােৱা ৰবীন্দ্রনাথে পিতৃৰ অসীম স্নেহ আৰু ভ্ৰাতৃসকলৰ আদৰ-আপ্যায়নৰ মাজত বর্ধিত হৈ মাতৃৰ অভাৱ বৰকৈ অনুভৱ কৰিব নােৱাৰিলেও মাতৃহাৰা শিশুৰ সকলােখিনি কাৰুণ্যই তেওঁৰ জীৱনলৈ আহিছিল পৰিয়ালৰ উন্নত শিক্ষা-দীক্ষা, পৰিমার্জিত সাংস্কৃতিক চেতনা আৰু দেবেন্দ্রনাথ ঠাকুৰৰ গভীৰ ধর্ম বিশ্বাসে ৰবীন্দ্রনাথক প্ৰৱলভাৱে প্ৰভাৱান্বিত কৰিছিল তদুপৰি পিতৃৰ লগত নানা ঠাই ভ্ৰমণ কৰি ফুৰি প্রকৃতি আৰু ইয়াৰ সৌন্দর্য প্রতি প্ৰৱলভাৱে আকৃষ্ট হােৱা ৰবীন্দ্ৰনাথৰ জীৱনত গভীৰভাৱে পৰিছিল প্রেম, প্রকৃতি, সৌন্দর্য আৰু স্বদেশ প্রেমৰ মহান অনুভূতিৰ জ্যোতির্ময় প্রভাৱ

 

তেওঁ প্রথমে অৰিয়েণ্টেল ছেমিনাৰীত আৰু তাৰ পাছত নর্মাল স্কুল, বেংগল একাডেমী আৰু ছেণ্ট জেভিয়ার্চ স্কুলত শিক্ষা লাভ কৰে কিন্তু বিদ্যালয়-জীৱনৰ সীমাবদ্ধতা আৰু নির্দিষ্ট ধৰাবন্ধা পাঠ্যক্ৰমৰ ঠেক গণ্ডীৰ মাজত তেওঁৰ মুক্ত মন আৰু মুক্ত চিন্তাই স্বাধীনতা হেৰুওৱা পিঞ্জৰাবদ্ধ পখীৰ অসহায় বেদনা অনুভৱ কৰিব ধৰিলে গতিকে দেউতাকে গৃহ-শিক্ষকৰ যােগেদিয়েই তেওঁক নানা বিষয়ৰ শিক্ষা দিয়ায় তেওঁ পিতৃৰপৰাই সংস্কৃত আৰু ভাৰতীয় দর্শন সাহিত্যৰ আৰু মধ্যম ভ্রাতৃ সত্যেন্দ্রনাথৰপৰা ইংৰাজী সাহিত্যৰ বিশাল ভাণ্ডাৰৰ দিক্ দর্শন লাভ কৰে

 

সােতৰ বছৰ বয়সত ৰবীন্দ্রনাথে অধ্যয়নৰ কাৰণে বিলাতলৈ যায় বিলাতত থকা কালত পাশ্চত্য জীৱন, সাহিত্য-সংস্কৃতিৰ লগত তেওঁৰ নিবিড় পৰিচয় ঘটে তদুপৰি পাশ্চাত্য সংগীতৰ সুৰৰ ঝংকাৰে তেওঁৰ প্রাণ বীণৰ তাঁৰত তােলে বিপুল মূৰ্চ্ছনা

 


কাব্য চর্চা আৰু সাহিত্যিক অৱদানঃ

ৰবীন্দ্রনাথে বছৰ বয়সৰপৰাই নিৰৱচ্ছিন্নভাৱে কাব্য চর্চা কৰিবলৈ ধৰে তেৰ বছৰ বয়সতে তেওঁৰ প্রথম কবিতাতত্ত্ব বােধিনী”– কাকতত প্রকাশিত হয় তাৰ পাছৰেপৰাভাৰতী, “সাধনা”—আদি কাকততাে নিত্য নতুন কবিতা প্রকাশিত বলৈ ধৰে আৰু লগে লগে তেওঁৰ স্বতঃস্ফূর্ত প্রতিভাই বিকাশৰ পথত দ্রুতগতিৰে আগ বাঢ়ে ৰবীন্দ্ৰনাথৰ অজস্র কাব্যই ছন্দৰ মন্দাকিনী ধাৰা ধৰাৰ বুকুলৈ নমাই আনি অনিন্দ্যসুন্দৰ সুৰৰ ঝংকাৰেৰে ভাৰতীয় কাব্য জগতত হেন্দোলনি তােলে প্রাণৰ আকুল উচ্ছ্বাসেৰে মানুহৰ সুখ-দুখ, হাঁহি-আনন্দ, ব্যথা-বেদনাৰ গভীৰতম অনুভূতিক জীৱন্ত ৰূপত ৰূপায়িত কৰিছে তেওঁৰ বাক্যৰ মাজেদি বনফুল কাব্যত প্রস্ফুটিত 'বলৈ আৰম্ভ কৰা কবিতা-কুসুমৰাজি সন্ধ্যা সংগীত, প্রভাত সংগীত, ছবি গান, কড়ি কোমল, ভানু সিংহ ঠাকুৰৰ পদাৱলী, মানসী, সােণাৰ তৰী আদি কাব্যত বেদনা-বিধুৰ জীৱনৰ ছন্দ মধুৰ গান পুষ্প হৈ তাৰ সৌৰভেৰে জগৎ বিমােহিত কৰি তােলে ৰমক-জমক কাব্য-ফুলনিত আকাশ-প্রদীপ, বলাকা, পলাতকা, পূৰৱী, বন-বাণী, মহুয়া, পৰিশেষ, পুনশ্চ, শেষ-সপ্তক, শ্যামলী, নৱজাতক, চানাই, জন্মদিনে, শেষ লেখা আদিৰ সৌৰভ মিশ্ৰিত হৈ সৌন্দর্য আৰু সৌৰভৰ অমৃত নিস্যন্দিনী ছন্দধাৰা সীমাহীন দিগন্তৰ কল্পলোকলৈ গতি কৰিবলৈ ধৰে অনন্ত জ্যোতিৰে জ্যোতিষ্মান হৈ কবিৰ মানসপটত বাজি উঠা ছন্দৰ সুৰ হৈ চিত্রা, চৈতালি, কণিকা, কল্পনা, কথা কাহিনী, নৈবেদ্য, খেয়া, গীতাঞ্জলি আৰু গীতালীৰ গীতিমালাৰে মানুহৰ হিয়া মন্দিৰত নিবিড় আনন্দৰ উচ্ছল জোৱাৰৰ সৃষ্টি কৰিলে বাল্মীকি প্রতিভা, শ্যামা, চণ্ডালিকা আদি তেখেতৰ সুকুমাৰ মন-কাননত সৃষ্টি হােৱা অনবদ্য গীতি-নৃত্য নাট্য বাল্মীকি প্রতিভা তেখেতৰ প্রাচ্য পাশ্চাত্য সঙ্গীত সাধনাৰ শ্রেষ্ঠতম ফলশ্রুতি

 

তেখেতৰ উপন্যাসৰাজিৰ ভিতৰত বৌ-ঠাকুৰাণীৰ হাট, গােৰা, যােগাযােগ, ঘৰে-বাইৰে, চতুৰংগ আদি উল্লেখযােগ্য

 

ৰক্ত কৰবী, বিসর্জন, ৰাজা, মালিনী আদি শ্রেষ্ট নাট্য সাহিত্য


 

নোবেল বঁটা লাভঃ

মানৱ জীৱনৰ বিভিন্ন সমস্যা, ঘটনা, পৰিৱেশ আদিক লৈ ৰচিত তেখেতৰ গল্পসমূহ গল্প-গুচ্ছ নামেৰে কেইবা খণ্ডতাে প্রকাশিত হৈছে জীৱন-স্মৃতি তেখেতৰ আত্ম-জীৱনীমূলক গ্রন্থ এই গ্রন্থত তেখেতৰ জীৱন-দর্শন বর্ণিত হৈছে সাহিত্য জগতৰ এনে এটি দিশ নাই, যত ৰবীন্দ্ৰনাথৰ সুনিপুণ হাতৰ পৰশ পৰা নাই ৰবীন্দ্ৰনাথ দার্শনিক আৰু আধ্যাত্মিক প্রতিভাৰ শ্রেষ্ঠতম নিদর্শন গীতাঞ্জলি গীতাঞ্জলিৰ ইংৰাজী সংস্কৰণে তেওঁক বিশ্বৰ শ্রেষ্ঠ কবি ৰূপে প্রতিষ্ঠিত কৰে আৰু তাৰ বাবেই তেওঁ ১৯১৩ চনত সাহিত্যৰ নােবেল বঁটা লাভ কৰে

 

 

ৰবীন্দ্র সংগীতঃ

প্রাচ্য আৰু পাশ্চত্যৰ সংগীত সাধনাই ৰবীন্দ্রনাথক শ্রেষ্ঠ সংগীতজ্ঞ ৰূপেও প্রতিষ্ঠা কৰে তেওঁৰ স্ব-ৰচিত গীতসমূহত নিজেই সুৰ সংযােজনা কৰি এক অভিনৱ ঐতিহ্যৰ সৃষ্টি কৰে আৰু সেয়ে ৰবীন্দ্রসংগীত ৰূপে অভিহিত হয়

 

 

অভিনেতা ৰবীন্দ্রনাথঃ

আবৃত্তি আৰু অভিনয়তাে তেওঁৰ প্রতিভা আছিল বিচক্ষণ স্ব-ৰচিত নাটকত বিশিষ্ট ভূমিকাত অৱতীৰ্ণ হৈ চমকপ্রদ অভিনয়েৰে মঞ্চ জগতত নৱ-আলােড়ন সৃষ্টি কৰিছিল বিশেষকৈ 'বাল্মীকি প্রতিভা' নাটকত নাম ভূমিকাত আৰু 'কাল মৃগয়া নাটকত অন্ধমুনিৰ ভাওত অৱতীৰ্ণ হৈ ৰবীন্দ্রনাথে নাট্য-প্রতিভাৰ যি দক্ষতা প্রদর্শন কৰিছিল তাৰ তুলনা পাবলৈ টান

 

 

স্বদেশ প্ৰেমিক ৰবীন্দ্রনাথঃ  

ৰবীন্দ্রনাথ যে কেৱল কালজয়ী কবি, সাহিত্যিক, নাট্যকাৰ আৰু শিল্পীয়েই আছিল, এনে নহয়, তেওঁ হাড়ে-হিমজুৱে স্বদেশ প্রেমিক ১৯০৫ চনৰ বংগভংগ আন্দোলনত সক্রিয় ভূমিকা গ্ৰহণ কৰা নাছিল যদিও কবিতা, প্রবন্ধ আৰু সংগীতৰ যােগেদিয়ে স্বদেশ প্রেমৰ অনুপ্ৰেৰণাৰে ৰবীন্দ্রনাথ দেশবাসীক উদ্বুদ্ধ কৰি তুলিছিল অপূর্ব কাব্য সাধনাৰে দেশবাসীৰ স্বাধীনতাৰ আকাংক্ষাকে তেওঁ জীৱন্ত ৰূপ প্ৰদান কৰিছিল ১৯১৭ চনৰ জালিয়ানৱালাবাগত স্বাধীনতাকামী ভাৰতীয়ৰ বুকুত গুলী বহুৱাই নৃশংস হত্যাকাণ্ডৰ সৃষ্টি কৰি ইংৰাজ চৰকাৰে যি বৰ্বৰ দমননীতি প্রদর্শন কৰিছিল, তাৰ প্ৰতিবাদত ৰবীন্দ্রনাথেনাইট উপাধি পৰিত্যাগ কৰি দেশপ্রেমিকতাৰ চৰম নিদর্শন প্রদর্শন কৰিছিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতজনগণ মন অধিনায়ক ৰবীন্দ্রনাথৰ দেশ-প্ৰেমৰ আন এক শ্রেষ্ঠ নিদর্শন এই গৰাকী সংবেদনশীল কবি অতিশয় সমাজ সচেতন আছিল আৰু তেই অন্যায়, অবিচাৰ শােষণ আদি দেখিছিল, তাতেই তেওঁ নির্ভীকভাৱে  তাৰ বিৰুদ্ধে থিয় দিছিল

  

 

বিশ্ব ভ্রমণঃ  

ৰবীন্দ্রনাথ চীন, জাপান, ইন্দোনেছিয়া, ৰাছিয়া, পাৰস্য, ইউৰােপ, আমেৰিকা আদি দেশ ভ্রমণ কৰি ভাৰতৰ মর্যাদা বৃদ্ধি কৰিছিল বিশ্বৰ দেশসমূহে তেওঁৰ প্ৰতি প্রদর্শন কৰা শ্রদ্ধাই ভাৰতৰ গৰিমাকে উজ্জ্বল কৰি তােলে

 

 

সংগঠনমূলক কামঃ

এইগৰাকী বিশ্বৰ শ্রেষ্ঠ কবি প্রাচীন ভাৰতীয় শিক্ষাদর্শনৰো প্রতিভূ মুক্ত আকাশৰ তলত, মুক্ত প্রকৃতিৰ উদাৰ পৰিৱেশত, অনুকূল মানসিক প্রবৃত্তিৰ বিকাশ সাধনাৰ যােগে লাভ কৰা শিক্ষাই, মানৱ জীৱন সর্বাংগসুন্দৰ কৰি গঢ়ি তােলাৰ একমাত্র উপায় বুলি কবিয়ে বিশ্বাস কৰে বিদ্যালয়ৰ সীমাবদ্ধতাৰ মাজত বাধ্যতামূলকভাৱে জাপি দিয়া শিক্ষাই শিশুৰ প্ৰবৃত্তিসমূহৰ পূর্ণ বিকাশ সাধন কৰিব নােৱাৰে সেয়েহে কবিয়ে বীৰভূম জিলাৰ বােলপূৰ নামৰ ঠাইত শান্ত, নির্জন প্রাকৃতিক পৰিৱেশত প্রতিষ্ঠা কৰেশান্তিনিকেতন নামৰ আদর্শ বিদ্যালয় কালক্ৰমত সিয়ে বিশ্বভাৰতী' নামে খ্যাত বিশ্ববিদ্যালয়ত পৰিণত হয় তাৰ ওচৰতে দেশীয় কৃষি আৰু শিল্পৰ উৎকর্ষ সাধনৰ কাৰণেশ্রীনিকেতন নামৰ এটি প্রতিষ্ঠান স্থাপন কৰে এই দুটি অনুষ্ঠান কবি গৰাকীৰ সাধনা, আদর্শ আৰু জীৱন দৰ্শনৰ মূৰ্ত্ত প্রতীক ৰবীন্দ্রনাথে নােবেল বঁটাৰ এক লাখতকৈও অধিক টকাৰ সমস্তখিনি শান্তি নিকেতনৰ উন্নয়নৰ বাবেই ব্যয় কৰিছিল

 

 

 

সামৰণিঃ

সত্য আৰু সুন্দৰৰ সাধক ৰবীন্দ্রনাথ আছিল প্রকৃতি আৰু মানৱপ্রেমীসুন্দৰৰ আৰাধনা জীৱনৰ খেল”— এয়ে আছিল তেওঁৰ সংগীতৰ মর্মবাণীসত্যম্ শিবম্ সুন্দৰম- এয়া আছিল তেওঁৰ দৰ্শনৰ মর্মবাণী চিৰ সুন্দৰৰ অসীম সুন্দৰ প্ৰকৃতিৰ বুকুৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ মােহময়ী আকর্ষণ, সুখ-দুখ, ব্যথা-বেদনা, বিৰহ-মিলন, দয়া-ক্ষমা, কৰুণা, প্রেম-প্রীতিৰ মধুৰ বান্ধোন ছিন্ন কৰি, কেঁচা মাটিৰ চিত্তাকর্ষী গন্ধৰ টান এৰি থৈ কবিয়ে কোনাে দিনেই আঁতৰি যাব খােজা নাই

 

এইসুন্দৰৰ সাধক, মানৱপ্রেমী, দার্শনিক কবি মহা মনীষীগৰাকী ১৯৪১ চনৰ আগষ্ট তাৰিখে পৰপাৰলৈ গমন কৰে; কেৱল বংগৰ নহয়, ভাৰতৰ নহয়, বিশ্বৰ এই মনীষীগৰাকীয়ে বিশ্ব-মানৱৰ হৃদয় সুকুমাৰ অনুভূতিৰে উদ্বুদ্ধ কৰি মানৱ সমাজক সুন্দৰৰ পৰা সুন্দৰতৰলৈ, খণ্ডতাৰপৰা পূর্ণতালৈ, অন্ধকাৰৰপৰা পােহৰলৈ, মৃত্যুৰপৰা অমৃতলােকলৈ, অনিত্যতাৰপৰা চিৰন্তনলৈ গতি কৰাৰ জ্যোতির্ময় পথ প্রদর্শন কৰি গৈছে ৰবীন্দ্ৰ জ্যোতিৰ মাধুৰ্যৰে মানৱ-সমাজ মাধুৰিমাময় হৈ উঠক

 

Rabindranath Tagore Short Assamese Biography

 

Short Notes On About  Rabindranath Tagore

 

 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top