Assamese poem "Arup Osina(অৰূপ অচিনা)" By Amulya Barua(অমূল্য বৰুৱা ) || Assamese Medium
![]() |
| Amulya Barua |
Arup Osin Assameese poem by Amulya Barua
অসমীয়া কবিতা অৰূপ অচিনা কবি অমূল্য বৰুৱা
অৰূপ অচিনা
অচিনা কোনহে তুমি?
অৰূপ ৰূপৰ সুৱদি সখী
মধু মনােমােহা মিলন বিচাৰি
উৰােৱা মনৰে পাখি;
মৰণৰ সুখ ৰেখা
জীৱনে নমনা নুবুজা কৰি
নিমাতী সপােনৰ বুকুতে ফুৰেহি
মিলনৰ সুৰভি উৰি;
জীৱনৰ যত শত
দুখ বিৰহৰ বেদনা আছে।
আপােন পাহৰি অচিন পথৰ
যায় উৰি পাচে পাচে
কোনহে তুমি?
অৰূপ হাঁহি
ৰূপৰ পাহি
উঠিছা ভাঁহি।
-অমূল্য বৰুৱা
![]() |
| Amulya Barua |

