HomeAssamese PoemAssamese poem "Podumor Abhijan (পদুমৰ অভিযান)" By Amulya Barua(অমূল্য বৰুৱা ) || Assamese Medium Assamese poem "Podumor Abhijan (পদুমৰ অভিযান)" By Amulya Barua(অমূল্য বৰুৱা ) || Assamese Medium Author August 12, 2019 0 Assamese poem "Podhumor Abhijan (পদুমৰ অভিযান)" By Amulya Barua(অমূল্য বৰুৱা ) || Assamese MediumAmulya Barua Podumor Abhijan Assamese Poem By Amulya Barua অসমীয়া কবিতা পদুমৰ অভিযান কবি অমূল্য বৰুৱাপদুমৰ অভিযান অসুখীয়া মনে মােৰ অসুখৰে ভাৰ বই অসুখৰ সাধনাকে সাধি নিজৰ অসুখ বুলি পৰকো অসুখী কৰি দুঃখ দিয়ে জীৱন অৱধি ॥ অসুখৰে খেলা খেলি জীৱনৰ আধা বেলি মিছাকৈয়ে দিলাে উটুৱাই; সুখৰ বসুধা খনি দুখৰ আন্ধাৰে ঢাকি আন্ধাৰতে গলাে ভটীয়াই। বহুদূৰ বাট বুলি ভাগৰৰ বেমেজালি বেদনাৰে বােজা বান্ধি লই; নিৰাশ দুপৰ নিশা পালক পালিকা তৰি নাওখনি মেলি দিলাে মই। লক্ষ্যহীন তৰণীৰ গতিহীন নিৰৱতা ভেদকৰি গলোঁ বহুদূৰ নিজান নিমাত হায় জীৱন সাগৰ পাৰ এতিয়াও পৰা নাই ওৰ ? ধীৰে ধীৰে যাব মােৰ বাধাহীন নাও খনি দূৰ আৰু অতি দূৰলৈ; ছিগি গ'ল আলজৰী ফুটি য’ক নাও তলি তথাপিও ভটীয়াম মই। যেতিয়া শিকিম মই ভাললগা কথাবােৰ বতাহতে বৰষিম মই, ভয়লগা সাগৰৰ বিভীষিকা হৰষত উটুৱাম কাটি শত ঢ’উ। তেতিয়া কৰিম মই। দৰদী প্রিয়াক মােৰ পৰাণৰ প্রিয়া বিনন্দীয়া হাত পাতি খুজি লম তথাপিও যত ফুল মৰমৰ মালা গাঁথি দিয়া । - অমূল্য বৰুৱা Tags Amulya Barua Assamese Poem Facebook Twitter Whatsapp Share to other apps Assamese poem "Podumor Abhijan (পদুমৰ অভিযান)" By Amulya Barua(অমূল্য বৰুৱা ) || Assamese Medium Amulya Barua Newer Older