Assamese poem "Hekh Nuhua Hadhu (শেষ নোহোৱা সাধু)" By Atulchandra Hazarika (অতুলচন্দ্ৰ হাজৰিকা)
![]() |
| Hekh Nuhua Hadhu |
Hekh Nuhua Hadhu assamese Poem By Atulchandra Hazarika
অসমীয়া কবিতা শেষ নোহোৱা সাধু কবি অতুলচন্দ্ৰ হাজৰিকা
শেষ নোহোৱা সাধু
এক
সম্বলপুৰৰ মহাৰাজ ভম্বলসিং নাম
দিনে ৰাতি তেওঁৰ মাথোঁ সাধু শুনাই কাম
পাত্ৰ-মন্ত্ৰী সভাসদ
সাধুকথা বিশাৰদ
সকোলোৱে পাল পাতি সাধু কয় দিনে ৰাতি
শুনি থাকে মহাৰাজে দুয়োখন কাণ পাতি৷
দুই
ভাবিলে ভম্বল ৰজা
“এনে সাধুত নাই মজা
এইবোৰ সাধু কঁঠালৰ বাদু
শেষ নোহোৱা সাধু দিল্লীকা লাডু৷
তেনেকুৱা সাধু মোক যেয়ে পাৰে ক’ব
সেয়ে মোৰ ৰাজকন্যা, অৰ্দ্ধ ৰাজ্য পাব৷
সাধু যাৰ হব পূৰ
কটা যাব তাৰ মূৰ
শেষ নোহোৱা সাধু ক’লেহে পাব পুৰস্কাৰ
ৰাজ-চৰাত ভম্বল ৰজাই কৰিলে অঙ্গীকাৰ৷
তিনি
ঢোল পিটি ঢুলীয়াই
ৰাজ-আজ্ঞা দিলে শুনাই
সাধু কোৱা মানুহৰ লাগি গ’ল দলদোপ
কিজানি গিলিব পাৰে ৰজাৰ বৰশি টোপ৷
দীঘলীয়া বৰ বৰ
ৰহন সানি মনোহৰ
আগবাঢ়ি জনে জনে
সাধু ক’লে পাৰেমানে
কিন্তু হায় শেষ হ’ল সাদিনতে সাধুবোৰ
অনাহকতেই মাথোঁ কটা গ’ল বহু মূৰ৷
চাৰি
তাৰ পিছে কোনো নাই
ৰজা আছে বাট চাই৷
বহুপৰ এনেয়ে গ’ল
ৰজা বৰ বিবুধি হ’ল
ভাগ্য ভাল আহি পালে সাধুচৰণ মেধি
ৰজাঘৰীয়া কুকুৰবোৰে আনিলে তাক খেদি৷
সাজ-পাৰ্ত সাধুচৰণ পাছ বিয়াৰ দৰা
দিলে এটা দীঘল চেলাম দুৱাৰ মুখৰে পৰা
ৰজাই কয়-“কোন তই? পাৰিবিনে ক’ব সাধু?”
সাধুৱে কয়-“সৰ্গদেউ! খুৱাম দিল্লীৰ লাডু৷
সাধু মোৰ আৰম্ভ কৰো কাণ খৰকি লক৷”
ৰজাই বোলে-“ নিশ্চয় নিশ্চয়, সেয়ে বাৰু হক৷”
মন্ত্ৰী আহি আগবাঢ়ি কাণ খৰকি দিলে
গ’ল হেকাৰি মাৰি লৈ সাধুচৰণে ক’লে
পাঁচ
“হাজাৰ হাজাৰ বছৰ আগৰ
কম কথা সত্য কালৰ
আছিল তেতিয়া সাতোটা সাগৰ, নাছিল তাত পানী
কোনোটোত ঘিউ, কোনোটোত মৌ, কোনোটোত চেনি৷
হীৰাৰ গছত মাণিক লাগিছিল, সেই সময়ত বোলে
ৰূপৰ কোমোৰাবোৰ আছিল লাগি ঘৰৰ চালে চালে৷
ঘৰবোৰ আছিল সোণেৰে সজা
সুখীয়া আছিল সকলো প্ৰজা,
বহাগ বিহু বাৰ মাহে
ঘৰে ঘৰে লখিমীয়ে হাঁহে
দানশীল ধৰ্ম্মশীল অতি আছিল দেশৰ ৰজা
নাছিল চোৰ, নাছিল ডকাইত, আছিল কেনে মজা!
সকলো আছিল সমানৰ মানুহ নাছিল কোনো সৰু
গাইবোৰ আছিল কামধেনু, গছবোৰ কল্পতৰু৷
গাখীৰৰ নৈ গৈছিল বৈ
খালবোৰত আছিল এঠা দৈ
পদুমৰ পাতবোৰ আছিল লুচি
ৰসগোল্লা কঁঠালৰ মুচি
শিলগুটিবোৰ ঘিলাপিঠা
খাবলৈ আছিল বৰ মিঠা
মোহনভোগৰ তপত বালি আছিল তেতিয়া ৰৈ
কাছকণীবোৰ আছিল তাত কেঁচাগোল্লা হৈ৷
আলিবাটৰ ধুলিবোৰ আছিল চানাচুৰ ভজা
সত্যে সত্যে সেই সত্য যুগত আছিল বৰ মজা৷
ছয়
মোৰ এই সাধু কথা সেই সময়ৰে হ’লে
গুৱাহাটী নগৰৰ কুকুৰমুতাৰ ফালে
আছিল এক সদাগৰ
ধনে জনে ভৰা ঘৰ
মেটমৰা সাতোটা ভঁৰাল ধানেৰে আছিল ভৰি
আহিল এদিন এক কোটি ঘনচিৰিকা উৰি৷
ভঁৰালৰ মুধেদি আছিল এটা অকণমানি ফুটা
সোমাব পাৰে সেই ফালেদি ঘনচিৰিকা এটা৷
সেই বাটেদি এটা চৰাই
ভিতৰলৈ গ’ল সোমাই
মুখত এটা ধান লৈ ভুৰুং কৰি গ’ল উৰি
আৰু এটা গ’ল সোমাই, ধান লৈ আহিল ঘূৰি৷
তাৰ পিছে আৰু এটা ধান আনিবলৈ গ’ল
তাৰ পিছে আৰু এটা-‘ৰজাই ক’লে-“ৰ,
তাৰ পিছত কিনো হ’ল? তাকে মাথোন ক৷”
সাধুৱে ক’লে “সৰ্গদেউ! এক কৌটি চৰাই
ইমান সোনকালে কেনে কৰি দিব পাৰে উৰাই?
শুনক আপুনি ধৈৰ্য্য ধৰি-আৰু এটা গ’ল
মুখত এটা ধান লৈ আহি পুনৰ বাহিৰ হ’ল৷
তাৰ পিছত আৰু এটা-”
ৰজাই বোলে “থাক”
সাধুৱে কয় “সৰ্গদেউ কিয় দিয়ে হাক?”
ৰজাই নুশুনে, সাধুৱে নেৰে “এটা ঘনচিৰিকা যায়,
ধান এটা মুখত লৈ কোনোবা ধুবুৰী পায়৷”
এইদৰে কওঁতে কওঁতে সাদিন পাৰ হৈ যায়,
ৰজাই সোধে-“আৰু কিমান? শেষ হ’লে নে নাই?”
সাধুৱে কয় “সৰ্গদেউ! এহাজাৰ মাথোন হ’ল,
এক কোটি ঘনচিৰিকাৰ তেনেই বাকী ৰল৷”
ৰজাই বোলে, “নুশুনো আৰু এনে সাধু তোৰ,
শুনি শুনি আমনি লাগিল, তথাপি নপৰে ওৰ৷”
সাধুৱে কয় “সৰ্গদেউ! নাই একো উপায়
সাতোটা ডাঙৰ ভঁৰাল ঘৰ-এক কোটি চৰাই৷”
সাত
নিৰুপায় হৈ ৰজাই কয় “বন্ধ কৰ সাধু তোৰ৷
লঁব পাৰ ৰাজ কন্যা, অৰ্দ্ধ ৰাজ্য মোৰ৷”
সাধুৱে কয় মূৰ খজুৱাই
“হ’লো তেনে ৰজাৰ জোঁৱাই
পতা হক বিয়াখন তেনে কেঁচা কল কাটি
এক কোটি ঘনচিৰিকাই দিয়ক মানুহ মাতি৷”
- অতুলচন্দ্ৰ হাজৰিকা
![]() |
| Atulchandra Hazarika |

