সাধাৰণ জ্ঞানৰ প্রশ্ন আৰু উত্তৰ||অসমৰ জানিবলগীয়া কিছু প্রশ্ন আৰু উত্তৰ-About Assam||Assam GK in Assamese language
![]() |
| সাধাৰণ জ্ঞান |
১। প্রঃ ১৯৯২ চনত কোন অসমীয়া বােৱনীয়ে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাইছে?
উঃ মিছ অময়া বালা ৰাভাই।
২। প্র: ১৯৯৫ চনত বহুতাে আন্তর্জাতিক বােলছবি মহােৎসৱত প্রদর্শিত আৰু উচ্চপ্রশংসিত অসমীয়া কথাছবি জাহ্নু বৰুৱাৰ 'সাগৰলৈ বহুদূৰ'। জাহ্নু বৰুৱাই এই ছবিখনৰ বাবে শ্রেষ্ঠ ৰাষ্ট্ৰীয় পৰিচালকৰ সন্মানো পায়। একমাত্র ভাৰতীয় এই ছবিখনে চিকাগাে বােলছবি মহােৎসৱত এটা বিশেষ পুৰস্কাৰ পােৱাৰ গৌৰৱ অর্জন কৰে। সেইটো কি ?
উ : বিশ্বশান্তিৰ ‘গেটছ' পুৰস্কাৰ। তাৰােপৰি ফ্রান্সত অনুষ্ঠিত হােৱা চলচ্ছিত্র মহােৎসৱত ‘লে প্রিজ দা পাব্লিক’ পুৰস্কাৰ পায় আৰু সংগীতৰ বাবে আন এটা পুৰস্কাৰ পায় সংগীত পৰিচালক স্বর্গীয় সত্য বৰুৱাই।
৩। প্রঃ ১৯৯৬ চনত ছিংগাপুৰত হােৱা বােলছবি মহােৎসৱত এজন অভিনেতাই শ্রেষ্ঠ অভিনেতাৰ সন্মান পায়, তেওঁ কোন?
উ : ‘সাগৰলৈ বহুদূৰ' কথাছবিৰ অভিনেতা বিষ্ণু খাৰঘৰীয়া।
৪। প্র : “All Alone If Need Be” নামৰ প্রাক্তন মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহৰ জীৱনৰ আধাৰত কৰা ডকুমেন্টৰী ছবিখনে ১৯৯৬ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ পায়। ছবিখনৰ পৰিচালক কোন?
উ : ৰঞ্জিত দাস।
৫। প্রঃ ১৯৯৯ চনৰ নৱেম্বৰ মাহত “পঞ্চম কলিকতা ফিল্ম ফেষ্টিভেলত” প্রদর্শিত আৰু প্রশংসিত কথাছবিখন কি ?
উঃ মঞ্জু বৰাৰ ‘বৈভৱ'।
৬। প্রঃ অসমৰ কিংবদন্তি স্বৰূপ ঢুলীয়াবাদক মােহন ভাৱৰীয়া (মােহন চন্দ্র বর্মণ)ক লৈ বনােৱা বিখ্যাত তথ্যচিত্ৰখন কি?
উঃ কৈহাটীৰ ঢুলীয়া।
৭। প্রঃ ১৯৯২ চনত কোন গান্ধীবাদী অসমী পদ্মভূষণ উপাধি পায় ?
উঃ বিজয় চন্দ্ৰ ভাগৱতী।
৮। প্রঃ কোন অসমীয়া ছবিত কোনে প্রথম দ্বৈত চৰিত্ৰত অভিনয় কৰে?
উ : ড° বেজবৰুৱা ছবিত ব্ৰজেন বৰুৱাই।
৯। প্র : গুৱাহাটীৰ প্রথম চিনেমা হল কোনটো?
উ : কেলভিন।
১০। প্রঃ কোনখন অসমীয়া ছবিৰ ইংৰাজী title দিয়া হয় catastrophe?
উঃ হালধীয়া চৰায়ে বাওধান খায় ।
১১। প্র : কোনখন ছবিত অসমীয়া অভিনেত্রীয়ে দ্বৈত চৰিত্ৰত অভিনয় কৰে?
উঃ ‘মেঘমুক্তি' কথাছবিত মৃদুলা বৰুৱাই।
১২। প্র : প্রাপ্তবয়স্ক চার্টিফিকেট পােৱা প্ৰথম অসমীয়া চিনেমা কি ?
উঃ মৰীচিকা।
১৩। প্রঃ প্রথম অসমীয়া মহিলা কথাছবি পৰিচালিকা আৰু সংগীত পৰিচালিকা কোন?
উ : নয়নমণি’ কথাছবিৰ পৰিচালিকা সুপ্রভা দেৱী। সংগীত পৰিচালিকা মণিষা হাজৰিকা।
১৪। প্র : অসমৰ প্রথম কথাছবিৰ অভিনেত্রী কোন? উ : আইদেউ সন্দিকৈ। কথাছবি— জয়মতী।
১৫। প্রঃ ১৯৯৩ চনত টোকিঅ'ত অনুষ্ঠিত হােৱা এছয় পেচিফিক ফিল্ম ফেষ্টিভেক্ত বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালক বুলি কাক ঘােষণা কৰে?
উঃ ভূপেন হাজৰিকা।
১৬। প্রঃ ১৯৯৩ চনৰ ১৮ জুনৰ পৰা ১০ নবেম্বৰলৈ ড° ভূপেন হাজৰিকাৰ ৰুদালী চিনেমাখনৰ গানৰ কেছেটটো কিমান কপি বিক্ৰী হৈছে?
উ: ৫৩০০০০ কপি।
১৭। প্র : ড° ভবেন শইকীয়াই কোনখন ছবিত সর্বশ্রেষ্ঠ স্ক্রিপ্টৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পায় ?
উ : অগ্নিস্নান, ১৯৮৬ চন।
১৮। প্র : প্রথম অসমীয়া শিশু চিনেমা কি ?
উঃ অবুজ বেদনা (১৯৯৩)।
১৯। প্রঃ ১৯৯৫ চনত বড়াে ভাষাৰ কোনখন ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ পায় ?
উঃ জাংদাও বড়ােছাৰ হাগ্ৰামায়াম।
২০। প্রঃ অসমত শিক্ষাৰ মাধ্যম অসমীয়া কৰা আন্দোলনৰ প্ৰথম শ্বহীদ দুজন কোন? ভাষা আন্দোলনৰ কোন?
উ : অনিল বৰা আৰু মােজাম্মিল হক। ভাষা আন্দোলনৰ সূৰ্য বৰা।
YouTube▶️ channel click here
২১। প্র : অসমৰ ছবছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্রথম শহীদ কোন?
উঃ খৰ্গেশ্বৰ তালুকদাৰ।
২২। প্রঃ ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লােৱা বাবে এহাল বাই-ভনীক নগাঁৱত পিকেটিং কৰা বাবে ইংৰাজ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। এওঁলােকেই অসমত কাৰাদণ্ডিত হােৱা প্রথম মহিলা আছিল। এওঁলােকৰ নাম কি?
উঃ গুণেশ্বৰী আৰু মুক্তেশ্বৰী দেৱী।
২৩। প্রঃ দেশ স্বাধীন হােৱাৰ আগতেই কলিকতাত মৃত্যু হৈছিল এক বিৰাট অসমীয়া প্ৰতিভাৰ। তেওঁৰ কবিতাসমূহে আধুনিক নৱধাৰাৰ প্রতিশ্রুতি বহন কৰিছিল। তেৱেই হেনাে জাহাজত পােন প্ৰথমবাৰৰ বাবে জাতীয় পতাকা উত্তোলন কৰিছিল। কোন এই যুৱকজন?
উঃ অমূল্য বৰুৱা।
২৪। প্রঃ ১৯৯৯ চনত অসমৰ এজন বিজ্ঞানীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীয়ে প্রদান কৰা ‘ফেল’ অব নেচনেল একাডেমী’ সন্মান লাভ কৰিছে। কোন এই বিজ্ঞানীজন ?
উ : আহমেদাবাদৰ ফিজিকেল ৰিছাৰ্চ লেবৰেটৰীৰ বিজ্ঞানী অধ্যাপক জিতেন্দ্র গােস্বামী। এখেতে ইয়াৰ আগতে ভাৰতীয় বিজ্ঞান জগতৰ সন্মানীয় ভাটনগৰ বঁটা লাভ কৰিছে।
২৫। প্রঃ অসমৰ এজন উদীয়মান বিজ্ঞানীয়ে জণ্ডিচ ৰােগৰ 'F' ভাইৰাছ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। গােটেই পৃথিৱীৰ বিজ্ঞানীসকলে তেওঁৰ এই আবিষ্কাৰৰ বাবে অভিনন্দন জনাইছে। এই বিজ্ঞানী ডাক্তৰজন কোন?
উ : নীৰেন ডেকা।
২৬। প্র : চিস্ফৌসকলৰ প্ৰধান বাছগউমে কি ধৰণে চাহ উদ্যোগৰ লগত জড়িত?
উঃ তেৱেই প্রথম চাহ গছৰ পুলি কিছুমান ৰবার্ট ব্রুচৰ হাতত দিছিল আৰু ৰবাৰ্ট ব্ৰুচে তাকে লৈ আনুষ্ঠানিকভাৱে অসমত চাহ খেতি আৰম্ভ কৰিছিল।
২৭। প্র : পৃথিৱীৰ ভিতৰত ক'ত আটাইতকৈ বেছি বনৰীয়া প্ৰব্ৰজনকাৰী চৰাই বধ কৰা হয়?
উ : অসমৰ উত্তৰ কাছাৰ জিলাৰ জাতিংগাত।
২৮। প্রঃ বর্তমান বিশ্ব বেংকৰ আন্তর্জাতিক অর্থনীতি বিভাগৰ মুৰব্ৰীজন অসমীয়া। কোন তেওঁ?
উ : ড° জিতেন্দ্র কুমাৰ বৰপূজাৰী ।
২৯। প্র : ইংলেণ্ডৰ কেম্ব্রিজ বিশ্ববিদ্যালয়ত গণিত বিষয়ত সর্বোচ্চ নম্বৰ পােৱা ছাত্ৰজনক ৰেংলাৰ (Wranglar) উপাধি প্রদান কৰা হয়। ১৯৯৬ চনত অসমীয়া ছাত্র এজনে এই উপাধি পাইছে। কোন তেওঁ ?
উঃ লণ্ডনৰ ত্রিনিটি কলেজৰ পৰা অনুপম শইকীয়া।
৩০। প্রঃ ভাৰতীয় টেলিগ্রাফ ‘Standard Phrases'
ক'ডবােৰৰ ৩৫ নং ক'ডটো কি ?
উঃ Wish you a Happy Bihu.
৩১। প্র : ১৯৯৩ চনত সদ্ভাৱনা পুৰস্কাৰ পােৱাসকলৰ ভিতৰত এজন অসমীয়া সাংবাদিক আছে। তেওঁ কোন?
উ : ‘দি চেণ্টিনেল’ কাকতৰ সম্পাদক ধীৰেন বেজবৰুৱা।
৩২। প্র : অসমত কেতিয়া দূৰদৰ্শন আৰম্ভ হয় ? অনাতাঁৰ কেন্দ্ৰ কেতিয়া স্থাপন হয় ?
উঃ ১৯৮২ চনৰ ১৯ নৱেম্বৰত এছিয়ান গেমছ দিল্লীত অনুষ্ঠিত হােৱা সময়ত। অনাতাঁৰ কেন্দ্ৰ ১৯৪৮ চনত ১ জুলাই, গুৱাহাটী, শ্বিলং।
৩৩। প্র : গুৱাহাটী দূৰদৰ্শনৰ প্ৰথম অসমীয়া ধাৰাবাহিক কি?
উ : জীৱনৰ বাটত।
৩৪। প্র : অসমত প্রথম কেতিয়া কুইজ প্রতিযােগিতা আৰম্ভ হয় ?
উ : ১৯৬৫ চনত এটা আমেৰিকান দলৰ পৰিচালনাত গুৱাহাটীৰ কটন কলেজত প্রথম মুকলি কুইজ প্রতিযােগিতা হয়।
৩৫। প্র : গুৱাহাটী দূৰদৰ্শনত প্রথম কেতিয়া কুইজ প্রতিযােগিতা হয়?
উঃ ১৯৮৫ চনৰ ২৪ মার্চত হয়। পৰিচালনা কৰে অধ্যাপক দিলীপ কুমাৰ বৰুৱাই।
৩৬। প্র : গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কোন চনত স্থাপিত হয় ?
উ : যথাক্রমে ইং ১৯৪৮ আৰু ১৯৬৫ চনত।
৩৭। প্র : অসমৰ ভাষা-আন্দোলনৰ প্ৰথম শ্বহীদ দুজন কোন?
উ : ৰঞ্জিত বৰপূজাৰী আৰু সূৰ্য বৰা।
৩৮। প্র : অসম চৰকাৰে অসম খেল দিৱস হিচাপে কোন দিনটো ঘােষণা কৰিছে?
উঃ ৰাধাগােবিন্দ বৰুৱাৰ জন্মদিন— ১৭ অক্টোবৰ।
৩৯। প্র : ১৯৯৩ চনত লক্ষ্ণৌত অনুষ্ঠিত হৈ যােৱা ৰাষ্ট্ৰীয় পাঞ্জা প্রতিযােগিতা (পুৰুষ)ৰ ৭০ কেজি শাখাত কোনজন অসমীয়াই সােণৰ পদক পায়?
উঃ বিতােপন সােণােৱাল।
৪০। প্র : ১৯৯৪ চনত অনুষ্ঠিত হােৱা ৫৮ তম্ ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন প্রতিযােগিতাত কোনে পুৰুষৰ খিতাপ অর্জন কৰে?
উঃ উত্তৰ প্ৰদেশৰ সুশান্ত চাক্সেনাক ১৫-৪, ১৫-২ ছেটৰ ব্যৱধানত হৰুৱাই অসমৰ দীপংকৰ ভট্টাচার্যই। অসমৰ কৃষ্ণ হাজৰিকায়াে বেডমিণ্টনত অসমৰ বাবে এটি ব্ৰঞ্জৰ পদক কঢ়িয়াই আনে।
৪১। প্রঃ ১৯৯৩ চনত পুনেত অনুষ্ঠিত হােৱা টাইকোৱানডােৰ ৰাষ্ট্ৰয় গেমছত কোন অসমীয়াই স্বর্ণপদক লাভ কৰে?
উঃ শ্যামল ৰাজখােৱাই।
৪২। প্র : দূৰদৰ্শনে ৰাষ্ট্ৰীয় পৰ্যায়ত কেতিয়া প্রথম বৰদলৈ ট্ৰফী টুর্ণামেন্ট ব্রডকাষ্ট কৰে?
উঃ ১৯৯৩ চনত।
৪৩। প্র : ১৯৯৩ চনত বৰদলৈ ট্ৰফী কোনে লাভ কৰে?
উঃ মােহনবাগানক হৰুৱাই বেংককৰ পাের্ট অথৰিটিয়ে লাভ কৰে।
৪৪। প্র : ১৯৯৩ চনত হংকঙত অনুষ্ঠিত হােৱা এছীয় পেচিফিক সাঁতােৰ প্রতিযােগিতাত অসমৰ কোনে স্বর্ণপদক পায় ?
উ : মণিকংকনা দত্তবৰুৱা আৰু তেওঁৰ ভনীয়েক পল্লৱী দত্তবৰুৱাই।
৪৫। প্রঃ কোন অসমীয়া ছােৱালীয়ে ৰাষ্ট্ৰীয় সাঁতােৰ প্রতিযােগিতাত আৰু ইণ্টাৰ পাব্লিক স্কুল সাঁতােৰ প্রতিযােগিতাত প্ৰথম পুৰস্কাৰ পায়?
উ : মণিকংকনা দত্তবৰুৱা। ১৯৯৮ চনৰ অক্টোবৰ মাহত চণ্ডীগড়ত অনুষ্ঠিত হােৱা কেন্দ্রীয় বিদ্যালয় সংগঠনৰ ৰাষ্ট্ৰীয় খেল প্রতিযােগিতাত অসমৰ খানাপাৰা কেন্দ্রীয় আন্তর্জাতিক খ্যাতিসম্পন্ন সাঁতােৰবিদ দেবাশীষ মজুমদাৰে সাঁতােৰত ৫টা সােণৰ পদক আৰু শ্রেষ্ঠ সাঁতােৰবিদ খিতাপ লাভ কৰে।
৪৬। প্র : ১৯৯৯ চনৰ ২০-২৩ আগষ্টত কলিকতাত অনুষ্ঠিত হােৱা উত্তৰ-পূব এথলেটিক প্রতিযােগিতাত অসমৰ অৱস্থা কেনেকুৱা ?
উ : অসমৰ দলটোৱে ৭ টা সােণৰ, ৭ টা ৰূপৰ আৰু ৬ টা ব্ৰঞ্জৰ পদক লাভ কৰি বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়।
৪৭। প্রঃ আন্তর্জাতিক টেবুল টেনিছ প্রতিযােগিতাত কোন অসমীয়া পুৰুষ-মহিলাই মেডেল অর্জন কৰিবলৈ সক্ষম হয়?
উঃ অৰুণজ্যোতি বৰুৱা আৰু মনালিছা বৰুৱা মেহতাই, ১৯৯২।
৪৮। প্রঃ ১৯৯২ চনত দক্ষিণ আফ্রিকা ভ্রমণ কৰা যুৱ ভাৰতীয় ক্রিকেট দলৰ সহকাৰী অধিনায়ক কোন আছিল ?
উঃ অসমৰ গৌতম দত্ত।
৪৯। প্র : কোন অসমীয়া ছােৱালীয়ে ১৯৯৭ চনত ৰাষ্ট্ৰীয় কেৰাটে প্রতিযােগিতাত চেম্পিয়ন হৈ দুটা সােণৰ পদক পায়?
উঃ অৰুণিমা মজুমদাৰ।
৫০। প্রঃ কোন অসমীয়া ছােৱালীয়ে ১৯৯২ চনত দিল্লীত অনুষ্ঠিত আন্তঃমালিক এথলেটিকছৰ জেভলিন দলিওৱাত অভিলেখ স্থাপন কৰে ?
উ : বৰপেটাৰ চেমিনা বেগমে ৩৭.৬৮ মিটাৰ দূৰলৈ দলিয়াই অভিলেখ স্থাপন কৰে।

৫১। প্রঃ ১৯৯২ চনত গুৱাহাটীত অনুষ্ঠিত হােৱা ৰাষ্ট্ৰীয় স্কুল গেমছ ফুটবল চেম্পিয়ন খিন্ডত কোন দল চেম্পিয়ন হয় ?
উ : মণিপুৰক হৰুৱাই অসমে।
৫২। প্রঃ বর্তমান উদ্যোগ প্রতিষ্ঠান ‘তেল আৰু প্রাকৃতিক গেছ’ আয়ােগৰ পৰিচালন সঞ্চালক কোন?
উ : অসমৰ বিকাশ চন্দ্র বৰা।
৫৩। প্র : প্রথম অসমীয়া মহিলা পুলিচ ৰাজপত্রি বিষয়া কোন?
উ : মনােৰমা কাকতি আৰু ভায়ােলেট বৰুৱা।
৫৪। প্রঃ অসমত বৰদলৈ ট্ৰফী ফুটবল টুর্ণামেন্ট কেতিয়া আৰম্ভ হয়? প্রথম বছৰ জয়লাভ কৰা দলটো কোন আছিল?
উ : ১৯৫২ চন। প্রথম বছৰ ট্ৰফী লাভ কৰে পাণ্ডু ৰেলৱে ফুটবল ক্লাবে।
৫৫। প্র : বৰদলৈ ট্ৰফীত কোন বিদেশী দলে প্রথম যােগদান কৰে?
উ : ঢাকা একাদশ।
৫৬। প্র : চাৰিবাৰ একেৰাহে বৰদলৈ ট্ৰফী অর্জন কৰা দল কোনটো?
উ : কলিকতাৰ মােহনবাগান।
৫৭। প্র : কোন অসমীয়াই আন্তঃৰাষ্ট্ৰীয় খেলত প্রথম স্বর্ণপদক লাভ কৰিছে?
উ : ভােগেশ্বৰ বৰুৱা, এছিয়ান গেমছ, ১৯৬৬।
৫৮। প্রঃ কোন ডেকাই বার্চিলােনা অলিম্পিকত যােগদান কৰি সুনাম অর্জন কৰে?
উঃ দীপঙ্কৰ ভট্টাচার্য। বেডমিণ্টনত প্রি-কোৱাৰ্টাৰ ফাইনেললৈ খেলি চমকপ্রদ খেল দেখুৱায়।
৫৯। প্র : আন্তর্জাতিক সাঁতােৰ প্রতিযােগিতাত অসমক প্রতিনিধিত্ব কৰা প্ৰথম সাঁতােৰবিদজন কোন?
উঃ মিঠু বৰুৱা।
৬০। প্র : শ্রীলংকাত অনুষ্ঠিত হােৱা চতুর্থ এছিয়ান জুনিয়ৰ এথেলেটিকছত কোন অসমীয়া ছােৱালীয়ে সােণৰ পদক পায়?
উ : ৪×১০০ মিটাৰ ৰীলে দৌৰত জুনুমণি শইকীয়াই। তাৰােপৰি প্রমিলা ভৰালীয়ে স্বর্ণপদক পায়।
৬১। প্র : বেইজিত অনুষ্ঠিত দক্ষিণ এছিয়া বয়সভিত্তিক সাঁতােৰ প্ৰতিযােগিতাত চেমনীয়া এলভিছ আলী হাজৰিকাই কেইটা পুৰস্কাৰ পায় ?
উ : তিনিটা। এটা সােণৰ, এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ।
৬২। প্রঃ ১৯৯২ চনত গুৱাহাটীত অনুষ্ঠিত হােৱা ফেডাৰেচন কাপ কেশ প্রতিযােগিতাত পুৰস্কাৰ ছিংগলছত কোন চেম্পিয়ন হয় ?
উ : অসমৰ সূৰুজুদ্দিন আহমেদ।
৬৩। প্র : ১৯৯৭ চনৰ চেপ্তেম্বৰ মাহত মহম্মদ মামুন ৰশ্বিদৰ নেতৃত্বত ‘আসাম এডভেন্সাৰ ফাউণ্ডেচনৰ তৰফৰপৰা অসমীয়া ডেকা জয়ন্ত ৰয়, উপেন চক্রবর্তী আৰু মানস বৰুৱাই হিমালয়ৰ ২৫৫৪৭ ফুট ওখ তৃতীয় সর্বোচ্চ শৃংগটো আৰহণ কৰি অসমৰ গৌৰৱধ্বজা উৰুৱায়। শৃংগটোৰ নাম কি ?
উঃ কামেট।
৬৪। প্র : ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্রহালয়ৰ সঞ্চালকপ্রধান কোন?
উ : ৰবীন দেৱ চৌধুৰী।
৬৫। প্র : অসমত মৰণােত্তৰভাৱে সাহিত্য একাডেমীৰ বঁটা লাভ কৰা প্রথম সাহিত্যিকজন কোন?
উ : দেবেন্দ্রনাথ আচার্য। গ্রন্থ— জঙ্গম।
৬৬। প্র : সদৌ অসম বডি বিল্ডিং প্রতিযােগিতাত ১৯৯৮ চনৰ বাবে কোনে অসমশ্রী’ বঁটা লাভ কৰে?
উ : গুৱাহাটীৰ মহাদেৱ ডেকাই। শ্রীডেকাই জার্মানীৰ আলজেই চহৰত অনুষ্ঠিত হােৱা বিশ্ব এমেচাৰ বডি বিল্ডিং প্রতিযােগিতাত সদৌ ভাৰতৰ প্রতিনিধি হিচাপে যােগদান কৰিছে। ১৯৯৯ চনত পশ্চিমবংগৰ দুর্গাপুৰত অনুষ্ঠিত জুনিয়ৰ বক্সিং প্রতিযােগিতাত অসমৰ দলটোৱে ২ টা সােণৰ পদকসহ ৭ টা পদক লাভ কৰিবলৈ সক্ষম হয়।
৬৭। প্রঃ ১৯৯৭ চনত তিৰুৱনন্তপুৰমত অনুষ্ঠিত হােৱা ৪৪ তম আন্তর্জাতিক চলচ্চিত্র মহােৎসৱৰ ভাৰতীয় পেনােৰামাত অসমীয়া চলচ্চিত্রই ছটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। বঁটাকেইটা কোনে কিহৰ বাবে পায় ?
উ : প্রথম ছবিৰ শ্রেষ্ঠ পৰিচালক হিচাপে ‘ৰাগ-বিৰাগ’ ছবিত বিদ্যুত চক্ৰৱৰ্তী (ইন্দিৰা গান্ধী বঁটা), শ্রেষ্ঠ আঞ্চলিক ছবি ‘অদাহ্য’ৰ বাবে ড° সান্ত্বনা বৰদলৈ, শ্রেষ্ঠ আলােকচিত্র গ্রহণকাৰী হিচাপে শ্রীমৃণালকান্তি দাস, শ্রেষ্ঠ তথ্যচিত্র হিচাপে গােৱালপৰীয়া লােকগীতৰ প্রবীণ শিল্পী শ্ৰীমতী প্রতিমা পাণ্ডেৰ জীৱনীৰ আধাৰত কৰা হস্তীৰ কন্যা নামৰ তথ্যচিত্ৰখনৰ বাবে শ্রীপ্রবীণ হাজৰিকা, শ্রেষ্ঠ কথাছবি সম্পাদনাৰ বাবে শ্রীধৰ আৰু ৰাগ-বিৰাগ’ ছবিত অভিনয় কৰা শ্ৰীমতী ভাগীৰথীয়ে বিশেষ জুৰিৰ বঁটা।
৬৮। প্রঃ ১৯৯৭ চনত টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া আন্তর্জাতিক বােলছবি মহােৎসৱত কোনখন অসমীয়া কথাছবি প্রদর্শন কৰিবলৈ নির্বাচিত হৈছে?
উ : মহিলা পৰিচালকৰ একমাত্র ছবি সান্ত্বনা বৰদলৈৰ ‘অদাহ্য।
৬৯। প্র : ২০০১ চনৰ জানুৱাৰী মাহত কলম্বােত অনুষ্ঠিত হােৱা এছিয়ান জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ খিতাপ কোন অসমীয়া কিশােৰে লাভ কৰে?
উ : গুৱাহাটীৰ চৈধ্য বছৰীয়া অংশুমান দত্তই।
৭০। প্র : অসমৰ কোন মহিলাই প্রথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ গেমছত যােগদান কৰে?
উঃ এথলেটিক মহিলা তৈয়বুননেছাই। এওঁ ১৯৮২ চনত দিল্লীত অনুষ্ঠিত হােৱা এছিয়ান গেমছত ডিছকাছ থ্র’ত যােগদান কৰি অভিলেখ স্থাপন কৰে। অসমৰ জুনুমণি শইকীয়া শ্রীলঙ্কাত অনুষ্ঠিত চতুর্থ এছিয়ান জুনিয়ৰ এথলেটিকছত (৪x১০০) মিটাৰ ৰীলে ৰেচত সােণৰ পদক লাভ কৰে আৰু প্রমীলা ভৰালীয়ে ডিছকাছত সােণৰ পদক লাভ কৰে।