আপোনালোকে জানেনে?জানিবলগীয়া বহু বিজ্ঞানৰ কথা-নজনা কিছু তথ্য-did you know facts-sciencefacts
![]() |
| আপোনালোকে জানেনে? |
প্ৰশ্ন: জোনাকী পৰুৱাৰ পােহৰবােৰ ক'ৰ পৰা আহে?
উত্তৰ: বর্তমান ফ্লেট-অট্টালিকাৰে ভৰি পৰা মহানগৰীবােৰত জোনাকী পৰুৱা দেখিবলৈ পােৱা নাযায়। কাৰণ জোনাকী পৰুৱাই বাস কৰিব পৰা ফুটুকানি, সৰু-সুৰা জোপােহাৰে ভৰা ঠাইবােৰ চহৰবােৰত পােৱা নাযায়, তেনে ঠাই গাঁও অঞ্চলতহে থাকে। জোনাকী পৰুৱাবােৰৰ তলপেটত এক বিশেষ অংশ থাকে। এই অংশত লুছিফেৰিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ সৰু ভৰাল এটা থাকে। এই লুছিফেৰিনৰ লগতে জোনাকী পৰুৱাৰ দেহত লুছিফেৰেজ নামৰ এবিধ পদার্থও থাকে। লুছিফেৰেজৰ সৈতে লুছিফেনি
নামৰ পদার্থবিধ যেতিয়া বতাহত থকা অক্সিজেনৰ প্ৰভাৱলৈ আহে, তেতিয়াই ই পােহৰ দিবলৈ ধৰে। পিছে, আমি মন কৰিবলগীয়া বিশেষ কথাটো হ'ল –
জোনাকী পৰুৱাৰ পৰা বাহিৰ হােৱা পােহৰখিনিত কিন্তু উত্তাপ, বা তাপ নাথাকে। মাইকী জোনাকী পৰুৱাৰ পাখি নাথাকে। ইহঁতৰ যৌগিক চকুকেইটাও মতা জোনাকী পৰুৱাৰ তুলনাত সৰু। আমি যদি জোনাকী পৰুৱাৰ তলপেটটো সমানে সাত ভাগত ভগাই লওঁ, তেন্তে মতা জোনাকী পৰুৱাৰ ছয় আৰু সাত ভাগত আৰু মাইকী জোনাকী পৰুৱাৰ সাত নম্বৰ ভাগত পােহৰ ওলায়। বতাহৰ যােগান, অর্থাৎ, অক্সিজেনৰ যােগানক নিয়ন্ত্রিত কৰাৰ ফলতে জোনাকী পৰুৱাৰ গাৰ পৰা ঢিমিক-ঢামাক পােহৰ ওলােৱা আমি দেখিবলৈ পাওঁ। কিছুমান জোনাকী পৰুৱাৰ ক্ষেত্ৰত কণী, পলু আৰু লেটাবােৰৰ পৰাও পােহৰ ওলাই থাকে।
প্ৰশ্ন: বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত বস্তু এটাৰ ওজন বেছি হয় কিয়?
উত্তৰ: পৃথিৱীখন গােলাকাৰ যদিও দুই মেৰু কেন্দ্ৰৰ ফালে কিছু চাপখোৱা। সেয়ে পৃথিৱীৰ কেন্দ্ৰৰ পৰা বিষুৱ অঞ্চলৰ দূৰত্ব মেৰু অঞ্চলত কৈ বেছি। পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ দূৰত্ব অনুসৰি কম-বেছি হয়। দূৰত্ব বেছি হলে মাধ্যাকর্ষণ বল কম হয় আৰু অঞ্চলটোৰ দূৰত্ব কম হ'লে ইয়াৰ শক্তি বৃদ্ধি হয়। সেয়ে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত বস্তু এটাৰ ওজন বেছি হয় মাধ্যাকর্ষণ শক্তি অধিক হােৱা বাবে।
![]() |
| আপোনালোকে জানেনে? |
প্রশ্ন: সালোক সংশ্লেষণত কিমান পৰিমাণৰ পানীৰ অৱশ্যক হয়?
উত্তৰ: সেউজীয়া উদ্ভিদৰ সালােক সংশ্লেষণ কার্যত পানী অপৰিহার্য অংগ। শিপাই মাটিৰ পৰা শুহি লােৱা পানী জাইলেমৰ মাজেৰে পৰিবহন হৈ গছৰ সকলাে অংশলৈ বিস্তাৰিত হয়। সিপাই শুহি লােৱা পানীৰ পৰিমাণ যথেষ্ট। কিন্তু ইয়াৰে মাত্ৰ এভাগ পানীহে সালােক সংশ্লেষণত ব্যৱহাৰ হয় | পানীৰ হাইড্রজেন ভাগ শ্বেতসাৰ প্রস্তুতিত ব্যৱহাৰ হৈ অক্সিজেন ভাগ উদ্ভিদে এৰি দিয়ে।
![]() |
| আপোনালোকে জানেনে? |
প্রশ্ন: ৰবৰৰ বল এটা পানীৰ তলত এৰি দিলে ওপঙি উঠে কিয়?
উত্তৰ: বস্তু এটা তৰলত ডুবালে নিজ ওজনৰ কাৰণে ই তললৈ যায় আৰু উর্ধমুখী বলে ক্রীড়া কৰাৰ বাবে অর্থাৎ প্লাবিতাৰ বাবেই ওপৰলৈ আহিব বিচাৰে। যদি বস্তুটোৰ ওজন প্লাবিতাতকৈ বেছি হয় ই ডুব যায়। আনহাতে প্লাবিতা বেছি হ'লে বস্তুটো ওপঙি থাকিব৷ ৰবৰৰ বল এটা পানীত সুমুৱাই দিলে ৰবৰৰ বলটোৰ ওজন প্লাবিতা বলতকৈ বহুত কম হয়, সেয়ে বলটো পানীৰ তলত এৰি দিলেও ওপঙি উঠে। কিন্তু লােহাৰ বল এটা পানীত এৰি দিলে ইয়াৰ ওজন পানীৰ প্লাবিতাতকৈ বহুত বেছি হােৱা বাবে ই পানীৰ তলি পায়গৈ।
![]() |
| আপোনালোকে জানেনে? |
প্ৰশ্ন: পাকস্থলীয়ে মাংস হজম কৰে, কিন্তু পাকস্থলী নিজে হজম নহয় কিয়?
উত্তৰ: আমি খােৱা বিভিন্ন মাংসজাতীয় খাদ্যৰ ওপৰত প্রাথমিক ক্রিয়াখিনি হাইড'ক্লৰিক এছিড আৰু পেপছিনৰ দ্বাৰা পাকস্থলীতে আৰম্ভ হয়। এই মাংসৰ ওপৰত পাকস্থলী ৰসে ক্ৰিয়া কৰিব পাৰে, কিন্তু নিজৰ মাংসৰ দ্বাৰা সৃষ্টি বেৰখনত নােৱাৰে। ইয়াৰ মূল কাৰণ হ’ল, পাকস্থলীৰ বেৰখনৰ ওপৰত থকা মিউকাছৰ আৱৰণটো। আমাৰ পাকস্থলীৰ বেৰখনৰ ওপৰত মিউকাছৰ (Mucus)ৰ এখন আৱৰণ থাকে, যিখন আৱৰণ বৰ পিচল। পাকস্থলীৰ হাইড্রক্ল'ৰিক এডিড আৰু পেপচিনে এই আৱৰণ ভেদ কৰি ক্ৰিয়া কৰিব নােৱাৰে বাবেই মূলতঃ আমাৰ পাকস্থলীটো নিজে হজম নােহােৱাকৈ থাকে। অবশ্যে দীর্ঘ সময়ৰ বাবে অনিয়মীয়া আহাৰ গ্ৰহণৰ হেতু হাইড্র ক্ল'ৰিক এছিডে পাকস্থলীৰ বেৰত আঘাত কৰি থাকিলে, মিউকাছৰ আবৰণখন কেতিয়াবা তাৰ কাৰ্য ৰূপায়ণত দুর্বল হৈ পৰে। এনে অৱস্থাতেই প্রদাহজনিত গেষ্ট্ৰাইটিছ হ’ব পাৰে।




