কবি যতীন্দ্রনাথ দুৱৰা দেৱৰ শ্ৰীশংকৰদেৱ কবিতাটি-Assamese Famous Poem-SriSankardev Poem

0

কবি যতীন্দ্রনাথ দুৱৰা দেৱৰ দ্বাৰা ৰচিত শ্ৰীশংকৰদেৱ কবিতাটি||অসমীয়া জনপ্রিয় কবিতা||Assamese Famous Poem

কবি যতীন্দ্রনাথ দুৱৰা দেৱৰ দ্বাৰা ৰচিত শ্ৰীশংকৰদেৱ কবিতাটি||অসমীয়া জনপ্রিয় কবিতা||Assamese Famous Poem
অসমীয়া কবিতা



শ্ৰীশংকৰদেৱ 

কবি- যতীন্দ্রনাথ দুৱৰা 


কোন দূৰ অতীতৰ ধ্যানমগ্ন যােগী তুমি, 

তৱ পুণ্য কিৰণেৰে কৰিলা পৱিত্ৰ ভূমি।

নিৰলে বজাই বীণ কোন কবি-কাননত, 

স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত।

মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে, 

আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।

যি বীণৰ সুৰেৰেই প্রেম মন্দাকিনী ধাৰা, 

অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। 


বােৱালা ভক্তিৰ সোঁত, দিলা ধর্ম, দিলা জ্ঞান, 

দিলা ভাষা অসমক কৰিলা জীৱন দান! 

তােমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ, 

গােটেই অসমভূমি বিস্তৃত জীৱনী যাৰ! 

অসমৰ ৰীতি-নীতি, অসমৰ সদাচাৰ, 

অসমৰ ধর্মভাব, অসমৰ ব্যৱহাৰ। 

সকলােকে তুমি দেৱ! সজালা নতুন সাজে ; 

তােমাৰ গৰিমা-গীতি হৃদয়ে হৃদয়ে বাজে। 


তােমাৰ নামৰ ধ্বনি গাঁৱে গাঁৱে সবাহত, 

উঠিছে আকাশ ভেদি কীৰ্তনৰ প্রসংগত।

‘শংকৰ আমাৰ গুৰু’ উলাহতে গাই গান, 

দিয়ে আহি বিহুৱানে নৱ বৰষৰ জান।

বেদ-উপনিষদৰ বাছি বাছি ফুল তুলি, 

কত যতনেৰে দেৱ! গাঁথিলা ই মালাধাৰি। 

ক্ষুদ্র স্বার্থ, ভিন্ ভাব আঁতৰাই সৰু-বৰ, 

পিন্ধালা ধৰ্মৰ মালা সকলােকে আদৰৰ। 


জ্ঞানী, ভক্ত, কর্মবীৰ অসমৰ ৰত্ন তুমি, 

অশেষ যতনে দেৱ সজালা জনমভূমি। 

তােমাৰ সাজকে পিন্ধি জননীয়ে উলাহত, 

নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। 

তােমাৰ বলতে আজি হই আমি বলীয়ান, 

উন্নতি বাটত হওঁ ধীৰে ধীৰে আগুৱান। 

স্বৰগ-নিয়ৰ দৰে তােমাৰ আশিষ বাণী, 

মৰুময় সংসাৰত বিতৰক শান্তি পানী।

তােমাৰ কৰুণা-কণা পৰে যেন জীৱনত, 

ভক্তিৰ আঁজলি দিওঁ সাদৰেৰে চৰণত!


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top