Assamese Poem Amar Gaon Written By Ananda Chandra Agarwala || Assamese medium
Aamar Gaon Assamese Poem Written By Anandachandra Agarwala
অসমীয়া কবিতা আমাৰ গাঁও কবি আনন্দ চন্দ্ৰ আগৰৱালা
আমাৰগাঁও
শুৱনিআমাৰ গাঁওখন অতি
শুৱনি গছেৰে ভৰা;
ডালভৰি ভৰি ফলফুল লাগে,
কত পাওঁতলসৰা,
শুৱনিআমাৰ ধাননি পথাৰ,
ধানেৰে উপচি পৰে;
শুৱনিনদীৰ পানী-ভৰা ঘাট,
মুদৈয়ে বেপাৰ কৰে।
চালতকোমােৰা, লাও, জিকা, ভােল,
ভঁৰালত জহাধান,
গােহালিত গৰু, পুখুৰীত মাছ,
বাৰীত তামােল পাণ।
গছৰডালত শুৱনি চৰায়ে
শুৱলা সংগীত গায়,
শাকনিত শাক, ফুলনিত ফুল,
দেখিলে হিয়া জুৰায়।
ঘৰেঘৰে ৰং ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি-মুখ।
ঘৰেঘৰে ভাল চেনেহা-চেনেহী
ঘৰে ঘৰে দেখোঁ সুখ।
ভাৱনা-সবাহ গীত ভাল পােৱা,
মধুৰ মুৰুলী তান,
‘দহােটাৰ কাম একে জনে কৰা,
চহাৰ সৰল প্রাণ।
-আনন্দ চন্দ্ৰ আগৰৱালা
Ananda Chandra Agarwala Assamese poem Aamar Gaon
All Assamese Poem written Anandachandra Agarwala list:
Aamar Gaon
Hukhor Thai
Jiban Sangeet
Hukh
Soha Aru Pandit
Baro Mah
Moromor Aai