Assamese Poem Hukhor Thai Wriiten by Ananda chandra Agarwala || Assamese Medium
Hukhor Thai Assamese Poem Written By Ananda Chandra Agarwala
অসমীয়া কবিতা সুখৰ ঠাই কবি আনন্দ চন্দ্ৰ আগৰৱালা
সুখৰঠাই
শুনিছো সুখৰঠাই তোমাৰ মুখত
কোৱাআই! সেই ঠাই আছে বাৰু ক’ত?
কোৱাসি জেউতি ভৰা দেশ ক’ত বাৰু?
আমিনোবিছাৰি তাক নেপাম নে আৰু?
কমলাৰফুল য’ত অলেখফুলিছে,
গছৰডালৰ মাজে জোনাকী নাচিছে,
তাতেনেসুখৰ ঠাই কোৱা মোক আই?
নহয় নহয় তাত সাদৰী সোণাই।
দীঘলপাতেৰে যত আছে বহু তাল,
ৰ’দৰ তাপত পকে খাজুৰি ৰসাল;
নীলসাগৰত থকা মাজুলীবোৰত
সুন্দৰ সুগন্ধি নানাফুল ফুলে য’ত;
ফুলামপাখিৰে য’ত পখীবোৰ উৰে-
শুৱলামাতেৰে গীত গাই গাই ফুৰে,
তাতেনে সুখৃ ঠাই কোৱা মোক আই?
নহয় নহয় তাত সাদৰী সোণাই।
তেন্তে কি সি ঠাই, আই ! দূৰঅতিশয়
সোণালী বালিৰমাজে নই য’ত বয়।
চৰিছেজেউতি য’ত পদ্মৰাগ মণি;
পোহৰেহীৰাই য’ত নিৰ্জন খনি;
পোৱাল-বন্ধোৱা পাৰ নীল সাগৰৰ
আছেয’ত শোভা কৰি মুকুতা আঁকৰ;
তাতেনে সুখৰ ঠআই কোৱা মোক আই?
নহয় নহয় তাত সাদৰী সোণাই।
চকুৰেনেদেখি সোণ, সি সুখৰ স্থান
কাণেৰে নুশুনি সেইআনন্দৰ গান;
সপোনৰঅগোচৰ সি সুখৰ ঠাই
ৰোগশোক জৰা মৃত্যু যি দেশতনাই;
বিনাশী কালৰতাত অধিকাৰ নাই;
আকাশৰওপৰত সি সুখৰ ঠাই।
অমৰসৌন্দৰ্য তাত বিৰাজে সদায়,
চিৰসুখ চিৰশান্তি সাদৰী সোণাই।
-আনন্দ চন্দ্ৰ আগৰৱালা
Read more at: https://www.assamesemedium.in/2020/10/Aamar-Gaon-written-by-anandachandra-agarwala.html
Copyright ©
Read more at: https://www.assamesemedium.in/2020/10/Aamar-Gaon-written-by-anandachandra-agarwala.html
Copyright ©
Ananda Chandra Agarwala Assamese poem Hukhor Thai
All Assamese Poem written Anandachandra Agarwala list:
Aamar Gaon
Hukhor Thai
Jiban Sangeet
Hukh Soha Aru Pandit
Baro Mah
Moromor Aai