অসমীয়া ৰচনা নেলছন মেণ্ডেলা আৰু তেওঁৰ কর্মজীৱন || Nelson Mandela || Assamese Medium

0

Assamese Essay On Nelson Mandela|| নেলছন মেণ্ডেলা || Assamese Medium

 
Assamese Essay On Nelson Mandela|| নেলছন মেণ্ডেলা || Assamese Medium

Nelson Mandela Essay In  Assamese


অসমীয়া ৰচনা নেলছন মেণ্ডেলা আৰু তেওঁ কর্মজীৱন

 

 

নেলছন মেণ্ডেলা 

আৰম্ভণি: 

কৃষ্ণাংগ মহানায়কনেলছন মেণ্ডেলাআছিল উচ্চ-নীচৰভেদাভেদ ওফৰাইসমন্বয়ৰ সাঁকোবন্ধনেৰে পৃথিৱীত-প্রভাতসূচনাকাৰী উদ্দীপ্তসূর্য। বিশ্বব্যাপিবর্ণবৈষম্যবাদ বিৰােধীসংগ্ৰামৰ প্রতীক।এই কিংবদন্তিমুক্তিযােদ্ধাগৰাকীৰ সম্পূর্ণনাম নেলছনৰােলিহলাহলা মেণ্ডেলা।পিতৃৰ নামগাড়লা হেনৰীএমফাকানিয়াছৰা আৰুমাতৃৰ নামনছেকেনি ফেনিমেণ্ডেলা। পত্নীগ্রাচা মেণ্ডেলা, উইন মেণ্ডেলা, ইভিনিল মেণ্ডেলাআৰু সন্তানজিন্দজি, জেনানি, মাকাজিৰে, মাকগাথোআৰু থেমবেকিলে

 

 জন্ম, শিক্ষা আৰু বিবাহ :

দক্ষিণ আফ্রিকাৰট্রান্সস্কেইৰ কুনুনামৰ গাঁৱত১৯১৮ চনৰ১৮ জুলাইতনেলছন মেণ্ডেলাইজন্মগ্রহণ কৰিছিলথেম্বু ৰাজবংশৰএক কৃষ্ণাংগৰাজপৰিয়ালত। সাতবছৰবয়সত অশিক্ষিতপিতৃ-মাতৃদ্বয়েগৰুৰখীয়া মেণ্ডেলাকপ্রাথমিক শিক্ষাৰবাবে স্থানীয়মেথ'ডিষ্টবর্ডিং স্কুললৈপঠিয়ায়। পাছত কৃষ্ণাংগ আফ্রিকানসকলৰবৃহত্তম বিদ্যালয়ব্লেকবেৰী র্ডিংইনষ্টিটিউটত মেণ্ডেলাইমাধ্যমিক শিক্ষাআৰম্ভ কৰে।১৯৩৭ চনততেওঁ উচ্চশিক্ষাৰ বাবে'র্টবিউফ'ৰ্টৰৱেছলেইয়ান কলেজতনাম ভর্তিকৰে। ইয়াতেতেওঁ বক্সিংআৰু দীর্ঘদূৰত্বৰ দৌৰতপাৰদৰ্শিতা দেখুৱায়।১৯৩৯ চনতকলেজৰ পৰাবিতাড়ণ লয়আৰু 'র্টহাৰে বিশ্ববিদ্যালয়ৰপৰা সংযােগীপাঠ্যক্ৰমৰ জৰিয়তেকলাত স্নাতকডিগ্রী হয়।১৯৪১ চনতজোহান্স বার্গলৈগৈ আইনঅধ্যয়ন কৰিবলৈলয়। ১৯৪২চনত উইটৱাটাৰ্ছ ৰেণ্ডবিশ্ববিদ্যালয়ত আইনবিষয়ত নামভর্তিকৰে। কিন্তুতেওঁ বর্ণবৈষম্যবাদবিৰােধী বিদ্ৰোহৰবাবে আইনৰচূড়ান্তবৰ্ষত তিনিবাৰকৈঅনুতীর্ণ হয়আৰু ১৯৪৯চনৰ ডিচেম্বৰতসেই আশাত্যাগ কৰে।পাছত দক্ষিণআফ্রিকাৰ কেপ্টাউনতআইনৰ ডিগ্ৰী'বলৈসক্ষম হয়

১৯৪৪ চনতপ্রথমা পত্নীইভেলিন মেজৰলগত বিবাহপাশতআবদ্ধ হয়আৰু ১৯৫৮চনত দুয়ােৰেবিচ্ছেদ ঘটে।১৯৫৮ চনতসমাজকর্মী উইনিমেডিকিজেলাক বিয়াকৰায়। মেণ্ডেলাৰপৰৱৰ্তী সংগ্রামীজীৱনত উইনিয়েঅনবদ্য ভূমিকাপালন কৰিছিল।উইনিৰ সৈতেও১৯৯২ চনৰ১৩ এপ্রিলতবিচ্ছেদ ঘটাতমেণ্ডেলাই আশীবছৰীয়াজন্মদিনত গ্ৰাচামাচেলক বিয়াকৰায়

 

কর্মজীৱন:

জাতীয় মুক্তিৰসংগ্ৰামৰ পৰাদেশৰ ক্ষমতালাভলৈকেনেলছন মেণ্ডেলাৰআছিল বর্ণাঢ্যজীৱন পৰিক্ৰমা।মেণ্ডেলাৰ শৈশৱকাল গৰখীয়াহিচাপে আৰম্ভহৈছিল। সমনীয়াৰসৈতে গৰুচৰােৱাত তেওঁব্যস্ত আছিল।১৯৪১ চনৰএপ্রিলত মেণ্ডেলাজোহান্সবার্গ চহৰতউপস্থিত হয়আৰু তাৰ'ক্রাউন মাইনছ'তেওঁ নৈশচকীদাৰ হিচাপেযােগদান কৰে।তাতে তেওঁদক্ষিণ আফ্রিকাৰপুঁজিবাদী শােষণব্যৱস্থাৰ মুখামুখিহয় প্রথমবাৰৰবাবে আৰুতাৰ পৰাএদিন পলায়নকৰি পাছতজর্জ গছচহৰত থাকিবলৈলােৱাৰ সময়তেমেণ্ডেলাৰ সাক্ষাৎঘটে এন চিৰসদস্য ৱাল্টাৰছিছুলুৰ সৈতে।তেনেদৰেই তেওঁউইটকিন, ছিডেলক্সিআৰু ইডেনমেননামৰ আইনীপ্রতিষ্ঠানত কামকৰে। এইপ্রতিষ্ঠানটোত এন চিৰঅনুগত বহুকর্মী

ভৰি আছিলআৰু তাতেমেণ্ডেলাৰ মনতবর্ণবৈষম্যবাদবিৰােধী প্রতিবাদীমনটো প্রােথিতহয়। মেণ্ডেলাইআফ্রিকান নেচনেলকংগ্ৰেছত যােগদিছিল ১৯৪২চনত। ইয়াৰসদস্য হিচাপেসুদীর্ঘ ২০বছৰ ধৰিমেণ্ডেলাই দক্ষিণআফ্রিকাৰ চৰকাৰৰবিৰুদ্ধে গান্ধীৰআদর্শেৰে শান্তিপূর্ণঅহিংস প্রতিৰােধগঢ়ি তােলে।১৯৪৩ চনৰআগষ্টত বর্ধিতবাছ ভাড়াপ্রত্যাহাৰৰ দাবীতমেণ্ডেলাই বাছবর্জন কার্যসূচীএটাৰ নেতৃত্বদিয়ে আৰুসেয়াই আছিলতেওঁৰ বিপ্লৱীমনটোৰ প্রথমবিস্ফোৰণ

 

১৯৪৩ চনতউইটৱাটাৰ্ছ ৰেণ্ডবিশ্ববিদ্যালয়ত আইনপঢ়ি থকাকালত বর্ণবৈষম্যৰমুখামুখি হােৱামেণ্ডেলাৰ কেইবাজনােউদাৰমনা আৰুকমিউনিষ্ট ভাবাপন্নইউৰােপিয়ান, ইহুদিআৰু ভাৰতীয়ছাত্ৰৰ লগতসাক্ষাৎ হয়।ইয়াৰ ভিতৰত-ছলভা, হেৰী স্কুৱার্জআৰু ৰুথফাষ্টঅন্যতম। এন চিতযােগদান কৰাৰেপৰা ৱাল্টাৰছিছুলুৰ ওর্লাণ্ডোতথকা ঘৰতমেণ্ডেলাহঁতৰ আড্ডাজমি উঠিছিল।ৰাজনীতিৰ প্রতিআগ্রহী হয়মেণ্ডেলাৰ দৰেবহু যুৱক।১৯৪৯ চনলৈতেওঁৰ এইবিপ্লৱী মনটোভালদৰে ঠনধৰি উঠে।১৯৪৮ চনৰদেশৰ সাধাৰণনিৰ্বাচনত কেৱলশ্বেতাংগক ভােটদিয়াৰ অনুমতিদিয়া হৈছিলআৰু তাৰেপ্রতিবাদত মেণ্ডেলাবিদ্রোহী হৈপৰে। আৰম্ভহয় নেচনেলকংগ্রেছৰ বেনাৰতবিদ্ৰোহৰ নতুনঅধ্যায়। ১৯৫৫চনৰ ফেব্ৰুৱাৰীতজোহান্সবার্গত অহিংসপদ্ধতিৰে কৃষ্ণাংগৰএটা সংঘভাঙি পেলােৱাৰপ্রতিবাদ কৰিবলৈগৈ ব্যর্থহােৱা নেলছনমেণ্ডেলাই ঘােষণাকৰিছিলএন চিঅহিংস নহয়; হিংস্ৰ আৰুসশস্ত্র বিপ্লৱকৰিলেহে লক্ষ্যতউপনীত 'পাৰি। ইয়াৰবাবে তেওঁচীনৰ পৰাঅস্ত্র আনিবলৈঘনিষ্ঠ সতীর্থৱাল্টাৰ ছিছুলুকপৰামর্শ দিয়ে

 

 

বিপ্লৱ আৰু কাৰাবাস: 

১৯৫৫ চনৰজুনত ক্লিপ্টাউনততিনিহাজাৰ প্রতিনিধিৰউপস্থিতিত এখনিঅভিৱৰ্তন অনুষ্ঠিতহয়। কিন্তুআফ্রিকান চৰকাৰেএই অভিৱৰ্তনব্যর্থ কৰে।পিচে মেণ্ডেলাৰবাবে এইঅভিৱৰ্তনখনৰ গুৰুত্বপিছলৈ বহুলাংশেবৃদ্ধি পায়আৰু তেওঁনেতৃত্ব 'পৰা গুণবর্জন কৰে।এই সময়খিনিতেচৰকাৰে তেওঁকৰাজহুৱা স্থানতউপস্থিত হােৱাতকেইবাবাৰাে বাধানিষেধ আৰােপকৰে। অধিবক্তাহিচাপে বহুসময়তচৰকাৰ বিৰােধীকার্যকলাপত লিপ্তহােৱাৰ বাবে১৯৫৬ চনতচৰকাৰে তেওঁকগ্রেপ্তাৰ কৰেযদিও প্রমাণৰঅভাৱত মুক্তিদিবলৈ বাধ্যহয়। অর্থাৎ১৯৫৬ চনৰ ডিচেম্বৰতমেণ্ডেলাক দেশদ্ৰোহৰগােচৰত গ্রেপ্তাৰকৰা হৈছিল।মেণ্ডেলাই ১৯৬১চনত অহিংসআন্দোলনত বিশ্বাসহেৰুৱাই এটাসশস্ত্রবাহিনী গঠনকৰে আৰুচৰকাৰী বাহিনীকআক্ৰমণৰ লক্ষ্যকৰি লােৱাততেওঁক গ্রেপ্তাৰকৰে। ১৯৬১চনৰ ২৯মার্চত ছবছৰীয়াবিচাৰৰ অন্ততমেণ্ডেলাক দোষমুক্তঘােষণা কৰাহয়। কিন্তু১৯৬২ চনৰ আগষ্টতমেণ্ডেলাক পুনৰগ্ৰেপ্তাৰ কৰাহয় আৰুএই বছৰৰেনৱেম্বৰত পাঁচবছৰৰকাৰাদণ্ডেৰে জোহান্সবার্গমাৰ্ছাল স্কোৱেৰজেলত ৰখাহয়। প্রায়১৭৩ জন।সাক্ষী, হাজাৰৰােঅধিক নথি-পত্ৰআৰু ফটোগ্রাফমেণ্ডেলাৰ বিৰুদ্ধেউত্থাপন কৰিআৰম্ভ হয়ঐতিহাসিক ৰিভ'নিয়াবিচাৰ। দেশদ্রোহ, চৰকাৰৰ বিৰুদ্ধেষড়যন্ত্র আদিদোষ জাপিদি ১৯৬৩চনৰ অক্টোবৰৰ পৰাপ্রিটৰিয়াছুপ্রিম 'ৰ্টতআৰম্ভ হয়ৰিভনিয়াবিচাৰ। ১৯৬৪চনৰ ১২জুনত নেলছনমেণ্ডেলাক চৰকাৰবিৰােধীৰাজনৈতিক কর্মকাণ্ডতজড়িত থকাৰঅভিযােগত যাৱজ্জীবনকাৰাদণ্ডৰ হুকুমদিয়া হয়।কিন্তু তাৰপূর্বে ১৯৬২-১৯৮২চনলৈ তেওঁকবেনদ্বীপৰ এটানির্জন কুঠৰীতৰখাৰ হুকুমদিয়া হৈছিল।বর্ণবৈষম্যবাদ বিৰােধীসংগ্ৰামৰ নেতাগৰাকীয়েএই কাৰাগাৰতে২৭ বছৰকাল বন্দীজীৱনঅতিবাহিত কৰিমুক্তিকামী জনগণৰমাজত প্ৰেৰণাৰউৎস হৈপৰে। কিন্তু১৯৮২ চনতবেনদ্বীপৰ পৰাতেওঁক পুনৰপলছুমুৰ জেললৈস্থানান্তৰ কৰিইয়াত ১৯৮৮চনলৈ ৰখাহয়। এইসময়খিনিতে তেওঁযক্ষ্মা ৰােগতআক্রান্ত হয়আৰু সেইচনতে মেণ্ডেলাকভিক্টৰ ভাৰ্ছষ্টাৰজেলতৰখা হয়

 

 

মেণ্ডেলাৰ মুক্তি আৰু বঁটা:

১৯৮৯ চনতবার্লিনৰ প্রাচীৰভঙাৰ পিছতেমেণ্ডেলাৰ মুক্তিৰদাবী সৰৱহয়। অৱশেষত১৯৯০ চনৰ ফেব্ৰুৱাৰীততেওঁ কাৰামুক্তহয়। জেলৰপৰা মুক্তহৈয়ে তেওঁডেছমণ্ড টুটুৰঘৰত আশ্রয়লয়। গঢ়িতােলে সংগ্ৰামৰঅন্য একবীৰত্বপূর্ণ ইতিহাস।তাৰ পাছতজোহান্সবার্গৰ কাৰচিটিত একলাখজনতাৰ সন্মুখতমেণ্ডেলাই দক্ষিণআফ্রিকাত পৰিৱর্তনৰক্ষণ সমাগতবুলি ঘােষণাকৰে। ১৯৯০চনৰ পৰা১৯৯১ চনলৈমেণ্ডেলাই আফ্রিকামহাদেশ ভ্রমণৰবাবে ওলায়।তেওঁমুক্তদক্ষিণ আফ্রিকাধ্বনিৰে জাম্বিয়া, জিম্বাবৱে, নামিবিয়া, লিবিয়া, আলজেৰিয়া ভ্রমণকৰি ছুইডেনহৈ লণ্ডনতউপস্থিত হয়আৰু ইংলণ্ডতমার্গাৰেট থেচ্ছাৰক, ফ্রান্সত ফ্রাছােৱামিট্টাৰেণ্ড, আমেৰিকাতজর্জ এইচডব্লিউ বুশ্বকসাক্ষাৎ কৰিৰাষ্ট্রনেতা হােৱাৰকছৰৎ আৰম্ভকৰে। ১৯৯১চনৰ জুলাইতমেণ্ডেলা এন চিৰসভাপতি নির্বাচিতহয়। ১৯৯২চনৰ ১৩এপ্রিলত দ্বিতীয়াপত্নী উইনিৰসৈতে বিবাহবিচ্ছেদঘটে তেনেসময়তে মেণ্ডেলাআমিনা চাচালিয়ানামৰ এগৰাকীভাৰতীয় মূলৰমহিলাৰ প্ৰেমতপৰে। আফ্রিকাননেচনেল কংগ্ৰেছ( এনচি)কর্মী ইউচুফচাচালিয়াৰ পত্নীআমিনাই ইউচুফৰমৃত্যুৰ পাছতঅকলশৰীয়া জীৱনঅতিবাহিত কৰিছিল।কিন্তু মেণ্ডেলাৰপ্রেম প্রস্তাৱতেওঁ নাকচকৰে। সেইপ্রস্তাৱ নাকচনকৰা 'লেআমিনা 'লহেঁতেনেদক্ষিণ আফ্রিকাৰ'ফাৰ্ষ্ট লেডী'

 

১৯৯৪ চনৰ২৭ এপ্রিলতদক্ষিণ আফ্রিকাতপ্ৰথমবাৰলৈ এটামুক্ত সাধাৰণনির্বাচন অনুষ্ঠিতহয়। সকলােৰেবাবে উৎকৃষ্টজীৱনৰ কথাঘােষণা কৰামেণ্ডেলাৰ নেতৃত্বত এনচিয়ে ৬২শতাংশ ভােটলাভ কৰে।তাৰ পাছত১৯৯৪ চনৰ১০ মে'মেণ্ডেলাই প্রিটৰিয়াতৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণকৰে। এইশপতগ্রহণঅনুষ্ঠানত বিশ্বৰবিভিন্ন প্রান্তৰচাৰি হাজাৰপ্রতিনিধি উপস্থিতআছিল। দক্ষিণআফ্রিকাৰ প্রথমজনকৃষ্ণাংগ ৰাষ্ট্ৰপতিৰূপেনেলছন মেণ্ডেলাৰশপতগ্ৰহণৰ এইদৃশ্যটেলিভিছন যােগেপ্রত্যক্ষ কৰিছিলকেইবাকোটি লােকে

 

মেণ্ডেলাৰ জীৱনকালত তেওঁআঢ়ৈশৰাে অধিকৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্রীয়সম্মান লাভকৰিছিল। তাৰভিতৰত ১৯৯০চনত ভাৰতৰপৰা প্ৰদানকৰা 'ভাৰতৰত্নবঁটাআৰু আমেৰিকাৰৰাষ্ট্ৰপতিৰ স্বাধীনতাৰপদক লাভকৰে। 'ভাৰতৰত্নউপৰি ভাৰতৰপৰা মেণ্ডেলাইকেইবাটাও বঁটালাভ কৰেযেনে- জৱাহৰলালনেহৰু এৱাৰ্ডফৰ ইণ্টাৰনেচনেলআণ্ডাৰষ্টেণ্ডিং, ইন্দিৰাগান্ধী এৱাৰ্ডফৰ ইণ্টাৰনেচনেলজাষ্টিচ এণ্ডহাৰমণি, ইণ্টাৰনেচনেলগান্ধী পীচপ্রাইজ ইত্যাদিৰবাহিৰেও এইমহান নেতাগৰাকীৰনামেৰে নতুনদিল্লীত এটাপথৰ নামাকৰণকৰা হৈছে।উল্লেখযােগ্য যেখান আব্দুলগফুৰ খানৰপাছত নেলছনমেণ্ডেলাই হৈছেভাৰত ৰত্নলাভ কৰাদ্বিতীয়গৰাকী বিদেশীব্যক্তি। আনএক আদর্শমূলককথা যে১৯৯৩ চনতমেণ্ডেলাই তেতিয়াৰদক্ষিণ আফ্রিকাৰৰাষ্ট্রপতি এফডব্লিউ ডিক্লার্কৰ লগতএকেলগে শান্তিৰনােবেল বঁটাযুটীয়াকৈ গ্রহণকৰিছিল। ১৯৯৫চনত মেণ্ডেলাইতেওঁৰ বিভিন্নভাষালৈ অনুদিতহােৱা 'Long Walk to Freedom' নামৰগ্ৰন্থখনৰ বাবেএলেন পেটনপুৰস্কাৰ লাভকৰে

 

নেলছন মেণ্ডেলাকঘােৰ সমালােচকসকলেসন্ত্রাসবাদী আৰুকমিউনিষ্ট ভক্তবুলি কয়।কিন্তু বিশ্বইজানে দক্ষিণআফ্রিকাৰ এইজনকিংবদন্তি নায়কআৰু বর্ণবৈষম্যবাদবিৰােধী তথাঔপনিবেশিকতাবাদবিৰােধী বিপ্লৱীৰমানৱ মুক্তিআন্দোলন কিমানশক্তিশালী আছিল।১৯৯৪ চনৰপৰা ১৯৯৯চনলৈ দক্ষিণআফ্রিকাৰ ৰাষ্ট্রপতিহিচাপে কার্যনির্বাহকৰা মেণ্ডেলাআছিল এইপদৰ দায়িত্বলােৱা প্ৰথমজনকৃষ্ণাংগ দক্ষিণআফ্রিকাৰ লােক।দৰিদ্রতা দূৰীকৰণ, সামাজিক সংহতিৰক্ষা, বৈষম্যদূৰ কৰাৰবাবে মেণ্ডেলাইচলােৱা প্রচেষ্টাসকলােৰে মুখেমুখে। তেওঁৰভাষ্য আছিলঅতি শক্তিশালী।শ্বাস-প্রশ্বাসৰদৰেই তেওঁৰপ্রতিটো কথাতনিহিত হৈআছিল তাৎপর্য।কৃষ্ণাংগৰ অধিকাৰআৰু স্বাধীনতাৰবাবে যুঁজকৰা মেণ্ডেলাৰপ্রধান অস্ত্রআছিল। ১৯৬৪চনত তেওঁৰকূটাঘাত আৰুৰাজদ্ৰোহৰ গােচৰৰবিচাৰত আত্মপক্ষসমর্থনত তেওঁকৈছিল— “মইশ্বেতাংগৰ অৱদমনৰবিৰুদ্ধে যুঁজদিছোঁ আৰুমই যুঁজদিছোঁ কৃষ্ণাংগৰঅৱনমনৰ বিৰুদ্ধে।যিখন সমাজতসকলাে লােকেমিলাপ্ৰীতি আৰুসম অধিকাৰেৰেবসবাস কৰিবপাৰে। তেনেএখন গণতান্ত্রিকআৰু মুক্তসমাজৰ মইপােষকতা কৰিছোঁ।এয়া এটাআদর্শ আৰুইয়াৰ বাবেইমই জীয়াইআছোঁ আৰুইয়াকে মইলাভ কৰিববিচাৰোঁ। এইআদৰ্শৰ বাবেযদিহে প্রয়ােজনহয়, তেন্তেইয়াৰ বাবেমই মৰিবলৈকোসাজু

 

সামৰণি:

এইজন যুগন্ধৰপুৰুষে কথামতেকাম কৰিপৃথিৱীত মানৱৰমুকতি আৰুশান্তিৰ বৃক্ষৰােপণ কৰিলে।উচ্চ-নীচকিম্বা বর্ণবৈষম্যবাদবিৰােধী সংগ্রামেৰেনিজৰ জয়ধ্বজাউৰুৱালে। মেণ্ডেলাৰকেইটামান উক্তিমানৱ সমাজৰবাবে প্ৰাতঃস্মৰণীয়, সেয়া 'প্রথমতে, শিক্ষাই হৈছেআটাইতকৈ শক্তিশালীঅস্ত্র, যাৰদ্বাৰা আপুনিবিশ্বত পৰিৱৰ্তনআনিব পাৰে।দ্বিতীয়তে, ‘সুখৰদিনত অথবাবিজয়ােৎসৱ পালনৰসময়ত পিচফালৰপৰা নেতৃত্বপ্রদান কৰিআনক আগবাঢ়িযাবলৈ দিবলাগে। কিন্তুবিপদৰ সময়তনেতৃত্ব প্রদানকৰিব লাগেসদায় সন্মুখৰপৰা। তেতিয়াহেআপােনাৰ নেতৃত্বতসকলােৱে প্রশংসাকৰিব। তৃতীয়তে, যদিহে আপুনিআপােনাৰ শত্ৰুৰসৈতে একেলগেশান্তি প্রতিষ্ঠাকৰিব বিচাৰে, তেনেহ'লেআপুনি শত্ৰুৰসৈতে একেলগেকাম কৰিবলাগিব। তেতিয়াসেই শত্রুওহৈ পৰিবআপােনাৰ বন্ধু।চতুর্থতে, যদিহেআপুনি এজনব্যক্তিৰ লগততেওঁ বুজিপােৱা ভাষাতকথা পাতে, তেন্তে সেয়াতেওঁৰ মগজুতসােমায়। কিন্তুযদিহে আপুনিতেওঁৰ ভাষাতকথা পাতেসেয়া সােমায়তেওঁৰ হৃদয়ত।সেয়েহে এইমহান মুক্তিপিয়াসীমহানায়কৰ প্রতিআদর্শ আমিগ্রহণ কৰাউচিত। এইমহানায়কগৰাকীয়ে পৃথিৱীবাসীককন্দুৱাই পৰধামলৈযাত্ৰা কৰিলে২০১৩ চনৰ ডিচেম্বৰতাৰিখ বৃহস্পতিবাৰে পৰিয়ালৰসদস্যৰ উপস্থিতিতজোহান্সবার্গত থকানিজাবাসগৃহৰ পৰা।তেওঁ মহাপ্রয়াণতপৃথিৱীবাসীয়ে হেৰুৱালেএপদ মহঙীয়াসম্পদ। ক্ষতিপৃথিৱীৰ মানুহৰবহু আকাংক্ষিতসপােন। এজনদৃঢ়মনা বিপ্লৱীআৰু সংস্কাৰবাদীৰাজনীতিক হিচাপেবিশ্ব ইতিহাসতসদায় অমৰহৈ থাকিবতেওঁ। এইগৰাকী, আজন্ম বিপ্লৱীআৰু কৃষ্ণাংগমহানায়কৰ মহাপ্রয়াণৰলগে লগেবিশ্বজুৰি উঠিছেকান্দোনৰ ৰােল।মৃত্যৰ পাছতােসর্বত্র উঠিছেজিন্দাবাদ মেণ্ডেলাধ্বনি। মুকুতিসূর্যই সমগ্রবাহুৰ অমােঘশক্তিৰে নিপীড়িত, নেষ্পেষিত জনতাকদেখুৱাইছিল স্বপ্নময়আলােকৰ বাট; সেই সূর্যযেন আজিঅস্ত পশ্চিম আকাশত।ৰাজনীতি, ধর্ম, ক্রীড়া, সংস্কৃতিআদিকে ধৰিসকলাে ক্ষেত্ৰৰসকলাে স্তৰৰমানুহ আজিম্ৰিয়মান হৈপৰিছে। ভাৰত, আমেৰিকা, ব্রিটেইন, ৰাছিয়া, চীনআদিৰ ৰাষ্ট্রপ্রধানসকলৰ উপৰিৰাষ্ট্ৰসংঘৰ মহাসচিবেদক্ষিণ আফ্রিকাৰপ্রথমগৰাকী কৃষ্ণাংগৰাষ্ট্রপতি প্রয়াণতগভীৰ শােকপ্রকাশ কৰে।ভাৰত চৰকাৰেমেণ্ডেলাৰ মৃত্যুতপাঁচদিনীয়া ৰাষ্ট্রীয়শােক ঘােষণাকৰে। ধৰাধামততেওঁ মৰিওঅমৰ হৈল।তেওঁৰ আত্মাইপৰধামত শান্তিলভক

 

Nelson Mandela Short Assamese Biography

 

 

Short Notes On About Nelson Mandela

 

 

 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top