Assamese Essay On sachin Tendulkar || “শচীন ৰমেশ তেণ্ডুলকাৰ” || Assamese Medium
Sachin Tendulkar Essay In Assamese
অসমীয়া ৰচনা শচীন ৰমেশ তেণ্ডুলকাৰ
আৰম্ভণি:
ক্রিকেট জগতৰ পথাৰত খদমদম লগাই অতি কম বয়সতে যাদুলগা হাতৰ খেল প্রদর্শনেৰে পৃথিৱীৰ জনতাক বিমােহিত কৰি দেশ-বিদেশৰ উপহাৰ কঢ়িয়াই স্বদেশৰ গৌৰৱ অটুট ৰখা ‘ভাৰত ৰত্ন’ সন্মানৰ অধিকাৰী শচীন ৰমেশ তেণ্ডুলকাৰ প্ৰকৃতাৰ্থতেই ভাৰতৰ মাণিক অর্থাৎ দুর্লভ মণি।
জন্ম, শিক্ষা আৰু বিবাহ:
শচীন ৰমেশ তেণ্ডুলকাৰে ১৯৭৩ চনৰ ২৪ এপ্রিল তাৰিখে মুম্বাইত জন্মগ্রহণ কৰে। তেওঁৰ দেউতাক বিখ্যাত মাৰাঠী (নভেলিষ্ট) ঔপন্যাসিক ৰমেশ তৈণ্ডুলকাৰ আৰু মাক ৰজনী তেণ্ডুলকাৰ। মাক-বাপেকৰ সুযােগ্য সন্তান শচীনৰ জন্মই ভাৰতবৰ্ষত নৱ সূৰুযৰ আলােক সিঁচি ক্রিকেটৰ পৃথিৱীভূমি পােহৰাই তুলিলে। শচীনে প্রাথমিক শিক্ষা গ্রহণ কৰিছিল দাদৰ সাৰদাশ্রম বিদ্যামন্দিৰত। ১৯৯৫ চনৰ ২৪ মে তাৰিখে অঞ্জলী তেণ্ডুলকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলােকৰ প্রথম সন্তান চাৰাৰ জন্ম হয় ১৯৯৭ চনৰ ১২ অক্টোবৰত আৰু দ্বিতীয় সন্তান অৰ্জুনৰ জন্ম হয়। ১৯৯৯ চনৰ ২৪ ছেপ্টেম্বৰত।
খেলুৱৈ প্রতিভা:
শচীনে সর্বপ্রথম খেলিছিল ইণ্টাৰস্কুল টুর্ণামেন্ট। ১৯৮৯ চনৰ ১৫ ডিচেম্বৰত ১৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ভৰি দি মহাকাব্যিক যাত্ৰা আৰম্ভ কৰিছিল তেওঁ। ২৪ বছৰীয়া ক্রিকেটৰ কেৰিয়াৰ সামৰা শচীন ৰমেশ তেণ্ডুলকাৰে ২০০ খন টেষ্টত ১৫,৯২১ ৰাণ আৰু ৪৬৩ খন এদিনীয়াত ১৮,৪২৬ ৰাণ, টেষ্ট আৰু এদিনীয়া ক্রিকেটত শতৰাণ কৰিবলৈ সক্ষম হয়। কিংবদন্তি শচীন তেণ্ডুলকাৰক কেৰিয়াৰৰ অন্তিমখন টেষ্টত শৃংখলা জয়ৰ উপহাৰ দিয়ে দলীয় সতীর্থই। টেষ্টত তেওঁ আটাইতকৈ বেছি শতক কৰে ৫১টা আৰু টেষ্ট খেলি সকলাে দেশৰ বিৰুদ্ধেই শতক কৰে। বিদেশৰ মাটিত আটাইতকৈ বেছি টেষ্ট শতক কৰে ২৯টা। টেষ্টত ২০ বাৰ ১৫০ ৰাণ বা তাতকৈও বেছি কৰে। টেষ্টত এক কেলেণ্ডাৰবৰ্ষত এক হাজাৰ বা তাৰ বেছি ৰাণ ৬ বাৰ কৰে। এদিনীয়া মেচত আটাইতকৈ বেছি ১৮,৪২৬ ৰাণ, শতক ৪৯ টা আৰু প্রথম ডবল শতকৰ লগতে আটাইতকৈ বেছি অর্ধ শতক ৯৬টা, ৫ বাৰ ১৫০ ৰাণ বা তাতােকৈ বেছি ৰাণ কৰে। এদিনীয়া মেচত এক কেলেণ্ডাৰ বর্ষ ১৯৯৮ চনত সর্বাধিক ১৮৯৪ ৰাণ আৰু আটাইতকৈ বেছি শতক
কৰে ৯টা। এদিনীয়া ক্রিকেটত আটাইতকৈ বেছি ৪৬৩ বাৰ মেচ খেলে। এদিনীয়া মেচত আটাইতকৈ বেছি ৬২ বাৰ মেচ আৰু ১৫ টা উৎকৃষ্ট ছিৰিজ আৰু এক কেলেণ্ডাৰ বৰ্ষত এক হাজাৰৰ বেছি ৰাণ আটাইতকৈ বেছি ৭ বাৰ কৰে। টেষ্ট ওৱান ডে’ মিলি আটাইতকৈ বেছি ৩৪,৩৪৭ ৰাণ কৰে। শচীনে আটাইতকৈ বেছি আন্তর্জাতিক মেচ ৯০খন ষ্টেডিয়ামত খেলে আৰু বিশ্বকাপত সর্বাধিক মুঠ ৰাণ কৰে ২৫৬০। ২০০৩ চনৰ বিশ্বকাপত আটাইতকৈ বেছি ৬৭৩ ৰাণ কৰে। শচীন তেণ্ডুলকাৰে ২৪ বছৰত ৯৮৯ জন আন্তর্জাতিক ক্রিকেটাৰৰ মুখামুখি হয়। তেওঁ ইয়র্কছায়াৰৰ হৈ খেলা প্রথম বিদেশী ক্রিকেটাৰ।
পুৰস্কাৰ আৰু সন্মান:
শচীন ৰমেশ তেণ্ডুলকাৰে ১৯৯৪ চনত অর্জুন বঁটা লাভ কৰে। তাৰ পাছত ক্রমে ১৯৯৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ১৯৯৯ চনত পদ্মশ্রী, ২০০৮ চনত পদ্মবিভূষণ বঁটা লাভ কৰে। ২০১০ চনত চাৰ গাৰফিল্ড চ’বাৰ টফী আৰু ২০১২ চনত ৰাজ্য সভালৈ মনােনীত আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ দ্বাৰা গ্রুপ কেপ্টেইনৰ সন্মান লাভ কৰে। ২০১৩ চনত ভাৰত ৰত্ন ডিভিচনৰ পৰা এনাউন্স দ্য হাইয়েষ্ট চিভিলিয়ান বঁটা লাভ কৰে। ইয়াৰ বাহিৰেও ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ দ্বাৰা ভাৰতৰ কনিষ্ঠতম আৰু একমাত্র খেলুৱৈ হিচাপে ভাৰত ৰত্ন বঁটা সগৌৰৱেৰে গ্ৰহণ কৰে।
অন্যান্য ক্রিয়াকলাপ:
শচীন ৰমেশ তেণ্ডুলকাৰৰ খেলৰ গুৰু হ’ল ৰমাকান্ত আচেৰকাৰ। তেওঁৰ মেজৰ টীম হ’ল ইণ্ডিয়া টীম। বেটিং ষ্টাইল- ৰাইট হেণ্ড বেটচমেন, বলিং- ৰাইট আর্ম স্পিনাৰ। ৰাজ্যদল হ’ল মুম্বাই। তেওঁ প্রথম খেল, এদিনীয়া খেল আৰু টেষ্ট খেলিছিল কৰাচীত পাকিস্তানৰ লগত। তেওঁৰ উচ্চতা পাঁচফুট পাঁচ ইঞ্চি। শচীনক অষ্টেলিয়ান ক্রিকেটাৰ কিংবদন্তি ডন ব্রেডমেনৰ লগত ৰিজাব পাৰি। সমালােচকসকলে কয় ব্রেডমেন আৰু মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ ঠিক একেস্থানৰ বুলি। ব্রেডমেনে শচীনৰ বিষয়ে কয়- ল’ৰাটোৱে প্রায় মােৰ দৰেই খেলে। শচীনৰ দীর্ঘস্থায়ী স্মৃতি বুলি ক’বলৈ গ'লে তেওঁৰ চেন্নাইৰ ইনিংচটো। তাৰ পাছতেই ১৯৯২ ৰ চিডনী টেষ্টত শতক। অষ্ট্রেলিয়াত সেইটোৱেই আছিল বিদেশী দলৰ পক্ষত আটাইতকৈ কম বয়সীয়া টেষ্ট শতক। শচীন কিছুমান গুণৰ বাবেই মহান ক্রিকেটাৰ হৈ উঠে। যেনে- শচীনে বেছি ৰাণ কৰিলে তিমান ৰােমাঞ্চিত নহয়। আকৌ ৰাণ নাপালে হতাশাত ভাঙিও নপৰে। তেওঁৰ দীর্ঘ চৌবিছ বছৰৰ টেষ্ট জীৱনত কাৰ্যতঃ কেতিয়াও পশ্চাদগামী নােহােৱাৰ এইটোৱেই অন্যতম কাৰণ। থােৰতে ক’ব পাৰি সাফল্যত মতলীয়া নােহােৱা আৰু ব্যর্থতাত ভাঙি নপৰাটোৱেই শচীনৰ গ্রেট ক্রিকেটাৰ হােৱাৰ আঁৰৰ আটাইতকৈ ডাঙৰ গুণ। ক্রিকেটাৰ মনিন্দৰ সিঙে শচীনৰ খেলত আপ্লুত হৈ কৈছিল— ‘পােন্ধৰ বছৰ বয়সতে ক্রিকেটত মােক চেৰ পেলােৱা দেখি তেওঁৰ জাত বুজি উঠিছিলোঁ'।
সামৰণি:
ভাৰতীয় কনিষ্ঠতম আৰু প্রথম খেলুৱৈ ভাৰতৰত্ন মাষ্টাৰ ব্লাষ্টাৰ শচীন ৰমেশ তেণ্ডুলকাৰৰ 'ক্রিকেট বিদায়ী পর্ব’ ভাৰতবাসীৰ লগতে পৃথিৱীবাসীৰ বাবে এক মর্মান্তিক মুহুর্ত। এনে মুহুৰ্তৰ কথা কল্পনা কৰি হৰভজন সিঙে কৈছিল— নাজানাে, শচীনৰ ক্রিকেট বিদায়ৰ পাছত ক্রিকেট কেনে হ’ব! মােৰ মতে ক্রিকেট মানেই শচীন। যুৱৰাজ সিঙে কৈছিল— শচীনৰ এই বিশেষ সময়ত তেওঁৰ লগত ড্রেচিংৰূমত অংশ ল’বলৈ নােপােৱাটো এক নিৰাশাৰ কথা। তথাপি আশা কৰিছোঁ তেওঁক বিদায় জনাবলৈ খেলপথাৰত থাকিব পাৰিম। এজন ক্রিকেটাৰৰ জীৱনত পঁচিছ বছৰ এটা অবিশ্বাস্য দীঘলীয়া সময়। শচীন তেণ্ডুলকাৰে কিন্তু চৌবিশটা। বছৰ অনায়াসে অতিক্রম কৰিলে। তেওঁ প্ৰথম ৰঞ্জী খেলে ১৯৮৮ চনত। পাছৰ বছৰত টেষ্ট মেচ। ২০১২ চনত এদিনীয়া ক্রিকেটৰ পৰা আৰু ২০১৩ চনত টি-টুৱেণ্টিৰ পৰা তেওঁৰ অৱসৰৰ ঘােষণা। ওৱাংখেড়েত ভাৰত-ওৱেষ্টইণ্ডিজ টেষ্টৰ পাঁচদিন অতিক্রম কৰি ২০১৩ চনৰ ১৬ নৱেম্বৰত আন্তর্জাতিক ক্রিকেট তথা সমগ্র ক্রিকেটজগতৰ চূড়ান্ত বিদায়ক্ষণটি আঁকোৱালি ল'লে ক্রিকেট ঈশ্বৰ শচীন ৰমেশ তেণ্ডুলকাৰে। তেওঁ ক্রিকেটৰ পৰা বিদায় ল'লেও তেওঁ ক্রিকেটখেলৰ প্রতিভাৰে গৌৰৱােজ্জ্বল হৈ ৰ'ব আজীৱন। দেশে ‘শচীনক কিয় ভাল পায়? প্রথম কথা, শচীন মানেই এক নিষ্পাপ সৰু ল'ৰা, যাক অসুৰবােৰৰ বিৰুদ্ধে যুঁজিবলৈ ৰিঙৰ ভিতৰলৈ দলিয়াই দিয়া হৈছে। শচীন ভাৰতবাসীৰ বাবে ডেভিড বনাম গােলিয়াথৰ গল্প। দ্বিতীয়তে, শচীন হ’ল মহাশক্তিশালী প্রতিপক্ষক আঘাত হানিবলৈ নমা কাষৰ ঘৰৰ সেই প্রচণ্ড প্রতিভাৱান ল’ৰা; যাক সকলােৱে সন্মুখত ৰাখিব বিচাৰে। তৃতীয়তে, শচীন এতিয়াও অসাধাৰণ বিনয়ী। আজিকালিৰ বহু তৰুণ ক্রিকেটাৰৰ দৰে তেওঁ নিজক জাহিৰ নকৰে। চতুর্থত, শচীনেই দেশবাসীক শিকাইছে যে, নিজৰ কামত উৎকৃষ্ট হ'লে গােটেই বিশ্ব তােমাৰ ভৰিত লুটি খাই পৰিব। পঞ্চমতে, শচীন এনে এজন মানুহ, যাৰ মূল্যবোধ প্রখৰ। তেওঁ সকলাে সময়তে নিজৰ বন্ধুসকলৰ কাষত থাকিব। ভাৰতবাসীৰ লগতে পৃথিৱীবাসীৰ চকুৰ আগত ভাহি থাকিব ক্রিকেট খেলৰ কৃতিত্ব। সমূহ ক্রিকেটপ্রেমীৰ বাবে হৈ ৰ'ব অনুপ্ৰেৰণাৰ উৎস আৰু উদীয়মান ক্রিকেটপ্রেমী আৰু ক্রিকেট খেলুৱৈৰ বাবে হৈ ৰ'ব পৰােক্ষ চিৰগুৰু।
Sachin Tendulkar Short Assamese Biography
Short Notes On About Sachin Tendulkar
