Assamese poem " Balishor " By Atulchandra Hazarika || Assamese Medium

0

 Assamese poem "Balishor" By Atulchandra Hazarika || Assamese Medium

 
Assamese poem "Balishor" By Atulchandra Hazarika || Assamese Medium

Balishor  Assamese poem by Atulchandra Hazarika

অসমীয়া কবিতা  বালিচৰ কবি অতুলচন্দ্ৰ হাজৰিকা  

Balishor Poem In Assamese by Atulchandra Hazarika

 

বালিচৰ

ৰূপোৱালী বালিচৰসুবিশাল মনোহৰ
লুইতৰবিশালবুকুত-
জিলমিলৰূপৰেখা দিলেকোনচিত্ৰলেখা
দালিৰ ৰিহা-আঁচলত!
আদিনাই, অন্তনাইবালিমাথোঁদেখাযায়,
চাহাৰাৰ ক্ষুদ্ৰ তাঙৰণ;
লোকালয়বহুদূৰ, নিজানৰৰম্যপুৰ
প্ৰকৃতিৰ অনন্তভৱন|
কুলকুলজুৰজুৰখৰালিৰখীণসুৰ
বীণবাজেজল-কুঁৱৰীৰ;
গীতশুনিভোলগইলুইতেজিৰণিলয়,
ভাগৰুৱা অৱশশৰীৰ|
সোঁতেসোঁতেনাচিফুৰাউঠিআহিকাছদুৰা
লেখিলেখিকণীপাৰিযায়;
নামগাইনাৱৰীয়া উলাহতমতলীয়া
নাওবান্ধেবালিচৰপাই|
বালিতেই খুটিমাৰিভাতখাইৰান্ধি-বাঢ়ি
বালিটেই ৰাতিটোকটায়,
বজাইৰঙৰশিঙাপুৱাতেমেলিবডিঙা
লঙ্কাৰবণিজ পায়!
চামেচামেবালিভৰাঠায়েঠায়েওখগৰা,
জাওগছবিৰিণাৰ ডৰা,
নলখাগৰিৰদেশ, তাৰোযেননাইশেষ
পালেপালেবাঘপহুচৰা|
জাউৰিয়া মাছবোৰে নাদুৰি-সাঁতুৰি ফুৰে
উলাহতেপানী-যুঁৱলিত,
নাৰবাতদৰিকণাপাভমোৱাচেলেকণা
সকলোৱেমহাহৰষিত|
বগাকৰিবগলীয়েউৰিউৰিপৰদিয়ে
জপকৰেএকাঁঠুপানীত,
গঙা-চিলনীৰ জাক ঘূৰিঘূৰিদিয়েপাক
কুৰুৱাই মাতেদূৰণিত|
শাৰীশাৰীওখগিৰিনিলগতশোভাকৰি
আকাশৰলগতমিলিছে,
নিজামৰবালিচৰে বৰুণেৰে তপনেৰে
কতখেলনীৰলেখেলিছে!
কোঁৱৰলুইতেগইজলকুঁৱৰীৰে ৰই
পাতালৰঅন্তেষপূৰত
শামুকশঙ্খেৰে গঢ়াশেতেলিত মনোহৰা
মতলীয়াসুখ-সম্ভোগত |
মহাবাহু লুইতৰশেষলে বিশ্ৰামৰ
বীৰ-বেশে ওলাই আহিব;
বাৰিষাই দিলেডাকনুশুনিব কাৰোহাক,
ভীমনাদে গৰজীউঠিব|
লৰদিববাহুদাঙিদুয়োপাৰছিঙি-ভাঙি
নাচিনাচিফেনে-ফোটোকাৰে;
নাথাকিব এইপট, উঠিযাবকোন
বালিচৰবুৰাবসাগৰে|
বুকুতফুটিবডকা, ঘূৰিবপানীৰচকা,
চাকনৈয়া ওভতনি;
যমদূতে ঠাই, কাৰোতাতৰক্ষানাই,
বালিচৰে যমপুৰী |
আজিৰসকলোকথাবিস্মৃতিত গঁথা
প্ৰকৃতিও সংহাৰিণী,
জলৰকুঁৱৰীসৱে চিয়ঁৰিভৈৰৱ-ৰৱে
মুক্তকেশী সাজিবযোগিনী|
আজিওবেহামবেহাথাকোঁতে মানৱীদেহা,
জীৱনেইবালিচৰমোৰ;
নাভাবোকালিৰকথামৰণৰশতব্যথা
ভাবিলেও নাইতাৰওৰ|
বেলিৰকিৰণপৰিনাচেতিৰবিৰকৰি
বালিচৰপূৰ্ণজেউতিত;
বাজকহৃদয়বীণাআজিয়েজগতজিনা
হিয়ামোৰহকউদ্ভাসিত

                   - অতুলচন্দ্ৰ হাজৰিকা

 

অসমীয়া কবিতা  বালিচৰ কবি অতুলচন্দ্ৰ হাজৰিকা

Assamese Poems By Atulchandra Hazarika

 

 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top