Assamese Essay On Pranab Mukherjee|| Assamese Medium

0

Assamese Essay On Pranab Mukherjee|| Assamese Medium

Assamese Essay On Pranab Mukherjee|| Assamese Medium


Pranab Mukherjee Essay In Assamese

অসমীয়া ৰচনা ভাৰতৰ ত্রয়ােদশৰাষ্ট্রপতি প্রণৱ মুখার্জী

 

 

ভাৰতৰ ত্রয়ােদশৰাষ্ট্রপতি প্রণৱ মুখার্জী

 

আৰম্ভণি:

২০১২ চনৰ ২৫ জুলাই তাৰিখত পূর্বৰ ৰাষ্ট্রপতি প্রতিভাদেৱী সিং পাটিলৰ ঠাইত প্ৰণৱ মুখার্জীয়েভাৰতৰ ত্রয়ােদশ ৰাষ্ট্রপতিহিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ইন্দিৰা গান্ধীৰদ্বাৰা ভাৰতীয় জাতীয় কংগ্ৰেছলৈ অহা ৰাজনীতিজ্ঞ প্ৰণৱ মুখার্জ। ভাৰতীয়গুণী-জ্ঞানীসকলৰ ভিতৰত আন এক সুৰভিত কুসুম

 

জন্ম, শৈশৱ, শিক্ষাআৰু বিবাহ:

বর্তমান পশ্চিমবংগৰবীৰভূম জিলাৰ মিৰাতি নামৰ গাঁৱত ১৯৩৫ চনৰ ১১ ডিচেম্বৰৰদিন প্ৰণৱ মুখার্জীয়েজন্মগ্রহণ কৰে। এটা ব্রাহ্মণ পৰিয়ালৰকামদাকিংকৰ মুখাৰ্জীৰঔৰসত আৰু ৰাজলক্ষ্মীমুখার্জীৰ গৰ্ভত প্রণৱ মুখার্জায়ে জন্মগ্রহণকৰে। পিতৃ কামদাকিংকৰআৰু মাতৃ ৰাজলক্ষ্মীৰসুযোগ্য সন্তান আজি ভাৰত ৰাষ্ট্রৰমুৰব্বী

 

নিজৰ জন্মস্থানমিৰাতি গাঁৱতে স্কুলীয়াশিক্ষা গ্রহণ কৰি প্রণব মুখার্জীয়ে বিদ্যাসাগৰকলেজৰ পৰা কলেজীয়াশিক্ষা গ্রহণ কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰপৰা ৰাজনীতি বিজ্ঞানআৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি সেইখন বিশ্ববিদ্যালয়ৰ পৰাই এল এল বি ডিগ্রী লাভ কৰে। ১৯৫৭ চনত তেওঁ শুভ্রা মুখার্জীৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলােকদুটি 'ৰা আৰু এজনী ছােৱালীৰপিতৃ-মাতৃ হয়

প্ৰণৱ মুখার্জীৰৰাজনৈতিক কেৰিয়াৰআৰম্ভ হৈছিল ১৯৬৯ চনত, যেতিয়া তেওঁক ইন্দিৰা গান্ধীয়েভাৰতীয় জাতীয় কংগ্ৰেছলৈ আনিছিল।তেতিয়াই তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে প্ৰথমবাৰৰ বাবে নির্বাচিত হয়। ইয়াৰ পাছতাে ১৯৭৫, ১৯৮১, ১৯৮৩ আৰু ১৯৯৯ চনত ৰাজ্যসভাৰসদস্য হিচাপে পুনৰ নির্বাচিত হয়। ১৯৭৩ চনৰ পৰা ১৯৭৮ চনলৈকে তেওঁ ঔদ্যোগিক বিকাশ মন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৭৪ চনত ইউনিয়ন মিনিষ্টাৰঅব শ্বিপিং এণ্ড ট্রেন্সপৰ্ট, ১৯৭৪-৭৫ চনত বিত্তমন্ত্রী, ১৯৭৫-৭৭ চনত ইউনিয়ন মিনিষ্টাৰঅব ৰেভিনিউ এণ্ড বেংকিং, ১৯৮২-৮৪ চনত পুনৰ বিত্তমন্ত্রী, ১৯৮৪ চনত ইউনিয়নমিনিষ্টাৰ অব কমার্চ এণ্ড চাপ্লাই, ১৯৯৩-৯৫ চনত পুনৰ ইউনিয়ন মিনিষ্টাৰঅৱ কমার্চ, ১৯৯৫-৯৬ চনত আৰু ২০০৬-০৯ চনত ইউনিয়ন মিনিষ্টাৰঅৱ এক্সাটার্ণেল এফেয়ার্চ, ২০০৪-০৬ চনত ইউনিয়ন মিনিষ্টাৰঅৱ ডিফেন্স আৰু ২০০৯-১২ চনত পুনৰ বিত্তমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে। ২০১২ চনত তেওঁ ভাৰতৰ ৰাষ্ট্রপতিহিচাপে কার্যভাৰ গ্ৰহণ কৰে

 

ব্যাক্তিগতজীৱন:

গান শুনা, কিতাপ পঢ়া আৰু বাগিচাৰ কাম কৰাই প্ৰণৱ মুখার্জীৰপ্রধান অভিৰুচী। প্রতিবছৰেতেওঁ জন্মগ্রহণ কৰা গাঁওখনত দুর্গাপূজাপালন কৰে আনকি ৰাষ্ট্রপতি হৈও নিজেই পুৰােহিত হৈ দুর্গাপূজা কৰে

 

লেখক হিচাপেপ্ৰণৱ মুখার্জী:

সুনিপুণ ৰাজনীতিজ্ঞআৰু ৰাজনৈতিক নেতা প্রণৱ মুখার্জী এগৰাকী বিশিষ্ট লেখকো। ভাৰতীয় অর্থনীতিৰবিষয়ত ইতিমধ্যে তেওঁৰ দ্বাৰা ৰচিত কেইবাখনােগ্রন্থ প্রকাশ পাইছে। সেইবােৰৰ ভিতৰতমিড টার্ম ’, ‘বিয়ণ্ড চার্ভাইভেল’, 'এমাজিং ডাইমেনচন অৱ ইণ্ডিয়ান ইক'নমি', 'অৱ দ্যা ট্রেক’, ‘চেলেঞ্জ বিফৰ দ্যা নেচন আদি অন্যতম

 

সামৰণি:

ভাৰতৰ ৰাজনৈতিকইতিহাসত এটা লেখত 'বলগীয়ানাম প্রণৱ মুখার্জী।তেওঁৰ ৰাজনৈতিক অৱদানে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়তনিঃসন্দেহে এক বিশেষ ভূমিকা গ্রহণ কৰিছে। বর্তমান ভাৰতৰ প্রথম নাগৰিক এই ব্যক্তিগৰাকীৰ জীৱন পৰিক্ৰমা বহুজনৰ বাবে অনুপ্ৰেৰণা আৰু এক আদর্শস্বৰূপ

 

Short Notes On About Pranab Mukherjee 

 

Pranab MukherjeeShort Assamese Biography

 

 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top