অসমীয়া ৰচনা শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ আৰু তেওঁৰ কর্মজীৱন || Madhav Dev || Assamese Medium

0

Assamese Essay On Madhav Dev || শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ || Assamese Medium

 

Assamese Essay On Madhav Dev || শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ || Assamese Medium
Madhav Dev


Madhav Dev Essay In  Assamese || Assamese Medium

 

 

অসমীয়া ৰচনা শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ আৰু তেওঁৰ কর্মজীৱন


 

 

শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ

 

                     মহাপুৰুষ শংকৰদেৱৰ লগতে যিজনাৰ নাম অসমৰ মানুহে একে উশাহতে পৰম শ্ৰদ্ধাৰে সৈতে উচ্চাৰণ কৰে তেওঁ ' মহাপুৰুষ মাধৱদেৱ মাধৱদেৱ আছিল শংকৰদেৱৰ দৰেই ধর্মপ্রচাৰক আৰু  বহুমুখী প্রতিভাৰ আকৰ অসমৰ সাহিত্য, সংস্কৃতি আৰু আধ্যাত্মিক চিন্তাৰ জগতত মাধৱদেৱৰ বহুমূলীয়া অৱদান আজিও জিলিকি আছে

 

                     মাধৱদেৱৰ পিতৃভূমি আছিল ধৰলা বা ধলেশ্বৰী নদীৰ তীৰৰ বণ্ডুকাৰাজ্য বর্তমান কোচবিহাৰত অৱস্থিত বণ্ডুকা তেতিয়াৰ কামৰূপ ৰাজ্যৰ ভিতৰুৱা আছিল মাধৱদেৱৰ পিতৃ গােবিন্দগিৰী প্রথমা পত্নীৰ মত্যুৰ পিছত বণ্ডুকাৰ পৰা বৰদোৱালৈ আহে আৰু তাতে শংকৰদেৱৰ পিতৃ কুসুম্বৰৰ সহায় আৰু সমাদৰ লাভ কৰি মনােৰমাক বিবাহ কৰায় কিছুকাল সুখে-সন্তোষে তাত থকাৰ পিছত গােবিন্দগিৰীৰ ভাগ্য-বিপর্যয় ঘটিল প্রবঞ্চকৰ হাতত পৰি তেওঁ সর্বস্বান্ত বহু কষ্টৰ মূৰত তেওঁ আশ্রয় পালে আহােম ৰাজবিষয়া হৰিশিঙা বৰাৰ ঘৰত হৰিশিঙা বৰাৰ ঘৰ আছিল লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী গাঁৱত এই বৰাৰ ঘৰতেই ১৪১১ শকৰ (ইং ১৪৮৯ চন) জেঠমাহত মাধৱদেৱৰ জন্ম হয়

 

                     মাধৱদেৱৰ শৈশৱ আৰু কৈশােৰৰ দিনবােৰ আছিল সুখ-দুখৰ সান-মিহলিৰে বিচিত্র শান্ত-শিষ্ট স্বভাৱৰ চোকা বুদ্ধিৰ ৰা মাধৱে সহজতে সকলােৰে মৰমচেনেহ লাভ কৰিছিল তেওঁ আছিল উদাৰ হিয়া, নিৰ্ভয়-চিত্ত আৰু তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী হৰিশিঙা বৰাৰ ঘৰত কিছুদিন নিৰাপদে থকাৰ পিছত তেওঁলােকে নিজাকৈ এটা পজাঘৰত আশ্রয় লয় পিছে ক্ৰমে ক্ৰমে নানাধৰণৰ সংকট আৰু অভাৱ-অনাটনে তেওঁলােকক বেঢ়ি ধৰে কিশােৰ মাধৱে নিজৰ সর্বশক্তিৰে পিতৃ-মাতৃক সহায় কৰিবলৈ ধৰিলে আত্মীয়-স্বজনৰ ওচৰত হাত পাতি, ভিক্ষা কৰি বনৰীয়া লাও খাই তেওঁলােকে দুখতে দিন নিয়াবলৈ ধৰিলে গােবিন্দগিৰীৰ শৰীৰ বেয়া হৈ আহিল লেটেকুপুখুৰীত থকা অসম্ভৱ যেন দেখি ইঠাই-সিঠাই ঘূৰি তেওঁলােক আহিল হাবুং অঞ্চলত থকা গােবিন্দগিৰীৰ বন্ধু ঘাঘৰি মাজীৰ ঘৰলৈ ইয়াত আদৰ-সাদৰ আৰু আনন্দৰ মাজত তেওঁলােক কেইবছৰমান থাকে মাধৱৰ ভনীয়েক উর্বশীৰ জন্মও ইয়াতে হয় উর্বশীৰ বিয়াৰ বয়স হােৱাত উপযুক্ত দৰাৰ সন্ধানত তেওঁলােক বৌটা-টেম্বুৱানিলৈ আহে আৰু তাতে সৎ যুৱক গয়াপাণিলৈ উর্বশীক বিয়া দিয়ে মাধৱদেৱৰ জীৱনৰ গতি সলনি কৰাত গয়াপাণিৰ বিশিষ্ট ভূমিকা আছে

 

                     পত্নী মনােৰমাক জী-জোঁৱাইৰ লগত থৈ পুত্ৰ মাধৱক লগত লৈ গােবিন্দগিৰী আকৌ বণ্ডুকালৈ যায় তাতে মাধৱে ছাত্ৰ-জীৱন আৰম্ভ কৰে ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্র শালাত নাম লিখাই তেওঁ ন্যায়, তৰ্ক, কাব্য আৰু কায়স্থালি বৃত্তিৰ বহল জ্ঞান লাভ কৰে

 

                     গােবিন্দগিৰীৰ বণ্ডুকাতে মত্যু হয় তাৰ পিছত মাধৱদেৱে বহ্মপুত্ৰৰ বুকুত পাণ-তামােলেৰে ভৰা নাও লৈ বেহা-বেপাৰ আৰম্ভ কৰি গয়াপাণিৰ ওচৰলৈ আহে এই সময়তে মাতৃৰ অসূখ নিৰাময়ৰ বাবে মাধৱে দেৱীলৈ শকুলা পঠা এটা আগ কৰাৰ কথা লৈ গয়াপাণিৰ সৈতে তেওঁৰ মনােমালিন্য হােৱাত গয়াপাণিয়ে তেওঁক শংকৰদেৱৰ ওচৰলৈ লৈ যায় শংকৰদেৱে যুক্তিৰ দ্বাৰা তেওঁক বিষ্ণুৰ মাহাত্ম্য সম্পৰ্কে অৱগত কৰোৱাৰ পিছত মাধৱদেৱ হৈ পৰে এজন নতুন ব্যক্তি শংকৰদেৱক গুৰু মানি তেওঁ মনে-প্রাণে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত নিজকে নিয়ােজিত কৰে

 

                     তীক্ষ্ণ বুদ্ধিসম্পন্ন, প্রতিভাশালী, সুগায়ক আৰু সুপণ্ডিত মাধৱে শংকৰদেৱৰ হৃদয় সম্পূৰ্ণৰূপে জয় কৰিলে যিদিনা শংকৰ-মাধৱৰ মিলন ', স্বৰূপাৰ্থত সিদিনাৰ পৰাহে ভক্তি-ধৰ্ম আন্দোলনে এই অঞ্চলত গা কৰি উঠিল মাধৱদেৱৰ দৰে কর্মঠ সহযােগী এজন পাই শংকৰদেৱে তেওঁৰ ভক্তি-আন্দোলন সফলতাৰে বিয়পাই দিব পাৰিছিল দুয়ােজনা গুৰুৱে ৰচনা কৰিছিল নানা গীত, নাট, কাব্য আৰু ভক্তি-আলােচনামূলক গ্রন্থ এইবােৰৰ আকৰ্ষণত পৰি দলে দলে মানুহ আহি নৱ-বৈষ্ণৱ ধৰ্মত শৰণ লৈছিল

 

                     শংকৰদেৱৰ তিৰােভাৱৰ পিছত তেওঁৰ ধৰ্মীয় উত্তৰাধিকাৰী হয় মাধৱদেৱ এই নির্বাচন শংকৰদেৱেই কৰি থৈ গৈছিল ধৰ্মগুৰুৰ গুৰুভাৰ লৈ মাধৱদেৱে নানা ধৰণৰ সংগঠনৰ কামত মনপুতি লাগে তাঁৰ বাৰবছৰ কাল সুন্দৰীদিয়াত থাকি তেওঁ নৱবৈষ্ণৱ আন্দোলনক অধিক শক্তিশালী কৰি তােলে ভক্তসকলৰ মাজৰপৰা নিৰ্ভৰযােগ্য আৰু প্রয়ােজনীয় দক্ষতাসম্পন্ন লােকক বাছি বাছি সিবিলাকক তেওঁ ঠায়ে ঠায়ে ধর্মপ্রচাৰ কৰিবলৈ ভাৰ দিয়ে সুন্দৰীদিয়াৰ পৰা তাঁতিকুছি নামৰ ঠাইলৈ যােৱাৰ পিছত মাধৱদেৱে ভক্ত আৰু অনুৰাগীসকলৰ সহযােগিতাত নানাধৰণৰ সাংস্কৃতিক কাম হাতত লয় নাট-গীত আৰু ঝুমুৰাৰ আকৰ্ষণত আৰু তেওঁৰ শক্তিশালী ব্যক্তিত্বৰ প্ৰভাৱত দিনে দিনে বৈষ্ণৱ ধৰ্মৰ ভক্তৰ সংখ্যা বাঢ়িবলৈ ধৰে

 

                     ভক্তিধৰ্মৰ জয়-জয়-ময়-ময় অৱস্থাই আৰু মাধৱদেৱৰ সীমাহীন জনপ্রিয়তাই তেওঁৰ বিৰােধীপক্ষৰ বহুতকে অশান্তি দিছিল তেওঁলােকে মাধৱদেৱ আৰু বৈষ্ণৱ ভক্তসকলক নানাভাৱে বিপদত পেলাবলৈ যত্ন কৰিছিল ৰজাঘৰত মিছা কথা লগাই এওঁলােকে প্ৰচাৰ কৰিছিল যে মাধৱদেৱ অজস্র ধন-সম্পত্তিৰ গৰাকী আৰু ধৰ্মৰ নামত তেওঁ অনাচাৰ কৰে ৰজা ৰঘুদেৱে প্ৰথমতে এই কথা সঁচা বুলি ভাবিছিল যদিও পিছত প্রমাণিত যে মাধৱদেৱৰ বিপক্ষে থকা সকলাে অভিযােগ ভুৱা আৰু মনেসজা কিছুকালৰ পিছত মাধৱদেৱ কোচবিহাৰলৈ যায় তাতো গুণমুগ্ধ শ্রেণীৰ সমাদৰ আৰু বিৰােধীসকলৰ ঈর্ষা, এই দুয়ােটাই তেওঁ লাভ কৰিছিল শেষত তেওঁৰ পাণ্ডিত্য, প্রতিভা আৰু যুক্তিপূর্ণ বক্তব্যত অভিভূত হৈ ৰজা লক্ষীনাৰায়ণে নৱ-বৈষ্ণৱ ধর্মক ৰাজধর্ম বুলি স্বীকৃতি দিয়ে ৰাজপৰিয়ালৰ ডেৰকুৰি মাদৈ আৰু বিষয়াবৰ্গয়ো এই নতুন ধর্মত শৰণ লয় ৰজাই নিজেও শৰণ বলৈ ইচ্ছা কৰিছিল পিছে সেই ইচ্ছা কামত পৰিণত হােৱাৰ আগতে মাধৱদেৱৰ তিৰোভাৱ ঘটে ১৫১৮ শকৰ (১৬৯৬ চনৰ) ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত

 

                     মহাপুৰুষ মাধৱদেৱে অসমৰ সাহিত্য আৰু সংস্কৃতিলৈ আপুৰুগীয়া বৰঙণি যােগাই থৈ গৈছে তেওঁৰ বৰগীত আৰু ঝুমুৰা বােলা ক্ষুদ্র ক্ষুদ্র নাটবােৰত কৃষ্ণৰ দুষ্টালি আৰু ছল-চাতুৰীৰে ভৰা শিশুকালৰ মনােমােহা ছবি দেখিবলৈ পােৱা যায় মাধৱদেৱৰ দ্বাৰা ৰচিতভক্তি-ৰত্নাৱলী, ‘নাম-মালিকা, ‘ৰাজসূয় কাব্য' আদি গ্রন্থবােৰ আমাৰ সাহিত্যৰ মূল্যবান সম্পদ কিন্তু মাধৱদেৱৰ সর্বশ্রেষ্ঠ ৰচনা আৰু অসমীয়া ভাষাৰ মহামূল্যবান গ্রন্থখনি হৈছেনামঘােষা' জীৱনৰ ভাটিপৰত কোচৰাজ্যত থকাৰ কালত ৰচনা কৰা এই 'নামঘােষা' এখন উচ্চ দার্শনিক ভাবৰ পুথি কিন্তু মাধৱদেৱৰ ভাব-ভাষা-ছন্দ-অলংকাৰে মিলি পুথিখনিক অতি ওখ খাপৰ এটি সাহিত্য-কর্ম হিছাপেও যুগমীয়া কৰি থৈ ' শংকৰদেৱে আৰম্ভ কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ আন্দোলনক সফলতাৰে আগুৱাই নিয়াৰ লগতে মাধৱদেৱে এইদৰে সাহিত্য, গীত আৰু নৃত্যৰ ক্ষেত্ৰতাে এক নৱ-জাগৰণৰ সৃষ্টি কৰিছিল শংকৰদেৱক প্রাণতকৈও বেছি ভালপােৱা আৰু শ্রদ্ধা কৰা মাধৱদেৱ শংকৰদেৱৰ দৰেই অসমৰ জাতীয় জীৱনত পৰম পূজ্য ব্যক্তি

 

 

 

Madhav Dev Short Assamese Biography

 

Short Notes On About  Madhav Dev

 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top