Assamese poem Hiyar Batori By Amulya Barua Assamese Medium

0

Assamese Poem Hiyar Batori Written By Amulya Barua 

 

Assamese poem " Hiyar Batori" By Amulya Barua || Assamese Medium
Hiyar Batori


Hiyar Batori Assamese poem by Amulya Barua


অসমীয়া কবিতা  হিয়াৰ বাতৰি কবি অমূল্য বৰুৱা

 

Hiyar Batori Poem In Assamese by Amulya Barua

 

হিয়াৰ বাতৰি 

 

কোন শৰতৰ সুধাকৰ আহি 

জোনালী যামিনী সােণালী কৰি 

আকুল প্ৰাণৰ চেতনা হৰিলে 

মােহন বাঁহীৰ মৃদুল সুৰে 

কোন অতীতৰ বাতৰি দিলে

 

নিছিগা বীণাৰ ছিগি ' তাঁৰ 

সুৰৰ কঁপনি আজি সাৰ 

কিনাে বিৰহত চাটি ফুটি কৈ  

দুগালে দুচকু চকুলাে বই 

কিহৰ বেদনা বুকুত সামৰি 

মৰম বিচাৰি বিলালোঁ বাতৰি 

সৌ আকাশ কলীয়া মেঘত 

গজি উঠিল বলিয়া বজ্র 

কোমল তানৰ সমল হৰিলে 

চকা মকা হায় বিজুলী লতাই 

কোন অতীতৰ বাতৰি দিলে

 

এনেকুৱা মােহন দিনত 

ৰচিলোঁ সপােন মিলন সুখত  

গোঁজৰণি বলিয়া দুৱৰী 

বসুধা কঁপাই জনালে বাতৰি 

"দুখনি হিয়াৰ সমল বিচাৰি 

বিজুলী লতাত দিলেহি আঁৰি।"

 

এই শৰতৰ জোনালী যামিনী 

দুগালে দুচকু লােতক বােৱাই 

অভিমানী মােৰ প্রিয়া আৰু নাই 

ভাগি যােৱা মােৰ হিয়া ফুলনিত 

থন ধৰি ফুল নুফুলে দুনাই 

বসুধা শুৱনি ধুনীয়া ফুলনি 

সেয়ে আজি মােৰ ভাল লগা নাই। 

 

সেয়েহে হিয়াই বেদনা ভৰাই  

কান্দিছে ইমান ইনাই বিনাই 

সেয়ে মেলি দিছোঁ হিয়াৰ দাপােণ  

দেখাে বুলি হায় মধুৰ সপােন

তাহানি খনৰ দূৰ অতীতৰ 

শাৰদী নিশাৰ সপােন পুৰৰ। 

 

ভৰ বাৰিষাৰ গােজৰণি মৰা 

কলীয়া মেঘৰ চকুলাে ধাৰা 

সেয়েহে ইমান লাগিছে মধুৰ 

মিলন সুৰৰ মাধুৰী ভৰা 

প্রেম পীৰিতিত প্রথম ধৰা। 

 

বসুধা কঁপাই গােজৰণি মৰা 

ভাল লাগে মােৰ সেই তেনে বেলা 

মিলন নিশাৰ মাধুৰীৰে ভৰা 

সেয়েহে পাতিছোঁ বিজুলীৰে খেলা  

মােৰ সুখবােৰ দুখৰ লগত 

সেয়েহে ইমান আদৰেৰে জগা  

বিপদ বিঘিনি ভয় আপদৰ 

সেয়েহে ইমান নলে-গলে লগা। 

 

শত বসুধাৰ যত আছে দুখ 

মােৰ হলে সিয়ে সৰগৰ সুখ 

মাধবী নিশাৰ মধুৰ সপােন  

হিয়াৰে হিয়াৰ অতিকে আপােন 

শত বসুধাৰ ' আছে সুখ 

মােৰ হলে সিয়ে নৰকৰ দুখ 

আন্ধাৰ নিশাৰ দুখৰ সপােন 

নিৰাশ প্রাণত নিশাৰ দাপােণ।। 

                             - অমূল্য বৰুৱা

 

অসমীয়া কবিতা  হিয়াৰ বাতৰি কবি অমূল্য বৰুৱা

Assamese Poems by Amulya Barua

 

 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top