All About Hemchandra Goswami And Hemchandra Goswami All Poems Collection ||Assamese Medium

0

All About Hemchandra Goswami  And Hemchandra Goswami All Poems Collection


 

Hemchandra Goswami All Poems List:

  • পুৱা
  • প্ৰিয়তমাৰ চিঠি
  • বৰদৈচিলা

 


Hemchandra Goswami All Poems
Puwa

পুৱা

                    -হেমচন্দ্ৰ গোস্বামী

 

গহীন পুৱতি নিশা,     নিতাল জগত,

'তো নাই জোনাকৰ চিন;

নিমাত বিশ্বৰ বাঁহী,     নিজম চেতনা,

সুৰ ভুলা জীৱনৰ বীণ

 

জীৱনৰ যুঁজ এৰি      কাম কৰ্মী দুয়ো

শঁতাইছে যুঁজৰ ভাগৰ;

বিয়পি অসীম বিশ্ব      আন্ধাৰ এলাহ,

গতিহীন স্থিতি জীৱনৰ

 

কোনোবা দিশৰ পৰা      ধীৰ সোঁত বলি

আহিছে এখনি জুৰ নৈ;

ৰিণিকি ৰিণিকি      এটি নীৰৱ কবিতা

বাজিছে বুকুত ৰৈ ৰৈ

 

জোনাক জোনাক বুলি      জীৱন বিচাৰি

আন্ধাৰত প্ৰকৃতি আতুৰ;

জোনাক-জীৱন খুজি      ওপঙি ফুৰিছে

নিফুট আকুল এটি সুৰ

 

কাতৰ সুৰত পমি      নিয়ম-বিহোতা

প্ৰাকৃতিৰ প্ৰবোধি মন,

দিবলই মনে মনে      জোনাক-জোনানী

পাৰিছে পুৱাৰ বতাহক;

 

স্বৰ্গৰ বাতৰি পায়      আপেক্ষি জোনাক

প্ৰকৃতিৰ উত্ৰাৱল চিত;

বহিছে শীতল বায়ু      নাছিছে লতাই,

ফুলকলি হাঁহিছে থুপিত

 

দুটিমান জোনাকৰ      সোণোৱালী ৰেখ

লাহে লাহে ভৈয়াম নামিছে;

সৃষ্টি-পাতনিৰে      সেই জীৱন্ত ছবিটি

ঘুৰি আহি ভূমুকি মাৰিছে

 

লোকালোক সাগৰত       উটি-বুৰি ফুৰা

জীৱনৰ পবিত্ৰ ভাবটি;

আধা আলো, আধা ছাঁত,   ফুলোঁ ফুলোঁ কৰি

প্ৰকৃতিক ধৰিছে সাৱটি

 

জিলিঙনি এটি      আহি পদুম বনত

স্বৰগৰ ৰহণ ঢালিছে;

অকলশৰীয়া দুটি      পদুম-কলিয়ে

চুমা খাই হালিছে-জালিছে

 

স্বৰ্গৰ জেউতি দেখি      ৰাজহাঁহ-যুৰি

প্ৰেমৰ আলচ ভুলি গৈ

চিত্ৰৰ পুতলী প্ৰায়      আছে থৰ লাগি

ইটিয়ে সিটিয়ে চাই ৰৈ

 

আকৌ ঘুমটি ত্যাজি      নিজম চেতনা

লাহে লাহে সজাগ হৈছে,

পাহৰা সুৰটি ঘূৰি      বজাবৰ গুণে

বীণখনি হাতত লইছে

 

বৰষা অনন্তকাল      জ্ঞানৰ পোহৰ

জ্যোতিৰ্ময় জোনাকী সবিতা;

বজোৱা অনন্তকাল      পঞ্চমত তুলি

বীণাপাণি  কোমল কবিতা










Hemchandra Goswami All Poems
Priotomar Sithi

প্ৰিয়তমাৰ চিঠি

                             -হেমচন্দ্ৰ গোস্বামী

সৌন্দৰ্যৰ বুকুৰ কাঁচলি উদঙাই

প্ৰকৃতিৰ চো ঘৰ চালো পিত্ পিত্ ,

কুকুৰাঠেঙীয়া এই আখৰকিটিত

যি অমিয় ঘঁহা আছে, 'তো আৰু নাই

 

কবি নিকুঞ্জত ফুলি কত কবিতাই

মলয়াত উটি উটি ফুৰে পৃথিৱীত,

তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,

কবিতাৰ কাব্যে তাৰ গোন্ধকো নেপায়

 

ফুল ফুলে, সৰি যায়, শুকায় বননি,

বসন্তৰ কুঁহি-পাত 'দত লেৰেলে;

তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,

নিতৌ নোহোৱা বাহী ফুল মেলে

যত শুঙো, চুমা খাও নেলাগে আমনি,

হৃদয়ত হেঁপাহৰ ভোতাতৰা জ্বলে





 





Hemchandra Goswami All Poems
Bordoisila

বৰদৈচিলা

                                -হেমচন্দ্ৰ গোস্বামী

তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়

গছ-গছনি ঘৰ-দূৱাৰ নিয়ে উৰুৱাই

হিল ভাঙি-ছিঙি মেলিছা ঢাপলি

লগত নিছা লগৰীয়া যত বা মাৰলি

আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ?

লাহে ধীৰে লেও দেখোন পাবা মাৰাৰ ঘৰ

চোতালত দিছোঁ বৰপীৰা কাকৈ ফণী তাতে

মুৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে

মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু,

ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু

শুবলৈ দিব শীতল পাটি, বহিবলৈ দিব পীৰা,

খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা

কাবৌ কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা

আমাৰ পঁজা ঘৰ কেউটি ভালে ভালে থোৱা



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top